২৯ আৰু ৩০ জুলাইত মণিপুৰলৈ বিৰোধী সাংসদৰ দলঃ গ্ৰহণ কৰিব এইসমূহ কাৰ্যসূচী...

২৯ আৰু ৩০ জুলাইত মণিপুৰলৈ বিৰোধী সাংসদৰ দলঃ গ্ৰহণ কৰিব এইসমূহ কাৰ্যসূচী...
২৯ আৰু ৩০ জুলাইত মণিপুৰলৈ বিৰোধী সাংসদৰ দলঃ গ্ৰহণ কৰিব এইসমূহ কাৰ্যসূচী...

ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰ ভ্ৰমণ কৰিব বিৰোধী মিত্ৰজোট INDIA ই। অহা ২৯ আৰু ৩০ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰিব INDIAৰ অন্তৰ্গত ৰাজনৈতিক দলসমূহৰ সাংসদসকলে।

এই সময়ছোৱাত তেওঁলোকে দুই গোটৰ সংঘৰ্ষত সকলো হেৰুৱাই আশ্ৰয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সৈতে সহৱস্থান কৰিব। ইয়াৰোপৰি তেওঁলোকে ৰাজ্যখনৰ ৰাজ্যপাল অনুসূয়া ইউকীকো সাক্ষাৎ কৰিব বুলি প্ৰকাশ কৰিছে।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে বিৰোধী সাংসদসকলৰ এটা দল মণিপুৰ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ পৰামৰ্শ আগবঢ়াইছিল। সেই পৰামৰ্শৰ ভিত্তিতে বিৰোধী ৰাজনৈতিক সদলসমূহে মণিপুৰ ভ্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সাংসদসকলৰ এই দলটোৱে আশ্ৰয় শিৱিৰত থকা লোকসকলৰ সমস্যাৰ বিষয়েও তেওঁলোকৰ সৈতে আলোচনা কৰিব। ইয়াৰ বাবে INDIA গোটে তেওঁলোকৰ ২৬ টাকৈ ৰাজনৈতিক দলৰ সাংসদসকলৰ এক প্ৰতিনিধিৰ দলো গঠন কৰিছে।

জানিব পৰা মতে ২৬ টা ৰাজনৈতিক দলৰে একোজনকৈ সাংসদ থাকিব এই দলটোত। দলটোৱে আশ্ৰয় শিৱিৰ ভ্ৰমণ কৰাৰ পাছতে ৰাজ্যখনৰ ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিব।

বিৰোধী ৰাজনৈতিকদলসমূহৰ সদস্যসকলে মণিপুৰ ভ্ৰমণৰ বাবে সাজু হোৱাৰ এই বিষয়টো সন্দৰ্ভত বিৰোধীৰ ফালৰ পৰা কোৱা হৈছে সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহৰ মাজৰ ঐক্য প্ৰদৰ্শনেই নহয় এয়া শান্তি, শৃংখলা ৰক্ষাৰো এক প্ৰচেষ্টা। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক হঁচা প্ৰদানৰো এক প্ৰয়াস আখ্যা দিছে।

২৯ আৰু ৩০ জুলাইত মণিপুৰলৈ বিৰোধী সাংসদৰ দলঃ গ্ৰহণ কৰিব এইসমূহ কাৰ্যসূচী...
I.N.D.I.A ক সন্ত্ৰাসবাদী সংগঠনেৰে তুলনা প্ৰধানমন্ত্ৰী মোডীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in