I.N.D.I.A ক সন্ত্ৰাসবাদী সংগঠনেৰে তুলনা প্ৰধানমন্ত্ৰী মোডীৰ...

I.N.D.I.A ক সন্ত্ৰাসবাদী সংগঠনেৰে তুলনা প্ৰধানমন্ত্ৰী মোডীৰ...
I.N.D.I.A ক সন্ত্ৰাসবাদী সংগঠনেৰে তুলনা প্ৰধানমন্ত্ৰী মোডীৰ...

ডিজিটেল ডেস্কঃ পুনৰ বিৰোধী উমৈহতীয়া মিত্ৰজোট INDIA ক আক্ৰমণৰ লক্ষ্য কৰি ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ বিৰোধী মিত্ৰজোটক তুলনা কৰিলে সন্ত্ৰাসবাদীৰে।

ৰাজস্থানত নিৰ্বাচনী জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধী মিত্ৰজোট INDIA ৰ নাম উল্লেখ কৰি কয়, নিজৰ পাপ মছিবলৈ ইউ পি এ হৈছে INDIA। এইদৰেই নাম বদলি কৰণৰ খেল চলিছে।দেশৰ স্বাৰ্থত সৈতে কাৰো কোনো সম্পৰ্ক নাই।

ইয়াৰোপৰি তেওঁ এই মিত্ৰজোটক সন্ত্ৰাসবাদী সংগঠন SIMI, PFI ৰ সৈতেও তুলনা কৰিলে। ইয়াৰ পূৰ্বে সংসদীয় কমিটীৰ বৈঠকত INDIAক সন্ত্ৰাসবাদী সংগঠন ইণ্ডিয়ান মুজাহিদ্দীনৰ সৈতেও তুলনা কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে।  

তাৰ পাছত তেওঁ পুনৰ ৰাজস্থানত বিৰোধী মিত্ৰজোটক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তুলনা কৰা বিষয়টোৱে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, ৰাজস্থান বিধানসভাৰ নিৰ্বাচনক লৈ ৰাজ্যখনত শাসকীয় কংগ্ৰেছৰ উপৰিও বিৰোধী বিজেপিয়ে প্ৰচাৰ আৰম্ভ কৰিছে।

মণিপুৰ সমস্যাক লৈ মাত মাতিবলৈ, সংসদত আলোচনা কৰিবলৈ সময় নোহোৱা মোডী এতিয়া এই ৰাজ্যখনৰ ক্ষমতা দখলৰ বাবে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে। বৃহস্পতিবাৰে তেনে এক প্ৰচাৰ সভাতেই মোডীয়ে বিৰোধী মিত্ৰজোটক তুলনা কৰিলে সন্ত্ৰাসবাদীৰে।

তেওঁৰ মতে এয়া কেৱল নাম সলনি কৰাৰ খেল। যি আগতে ইউ পি এ আছিল সেয়াই এতিয়া INDIA। কংগ্ৰেছৰ সময়ত ষ্টুডেণ্টছ ইছলামিক মুভমেণ্ট অফ ইণ্ডিয়া বা ছিমি আছিল সন্ত্ৰাসবাদী সংগঠন। এতিয়া সেয়া পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া বা পি এফ আই। কিন্তু নাম বদলি কৰিলেই কি তেওঁলোকৰ কাম সলনি হয় বুলিও প্ৰশ্ন উত্থাপন কৰিছে মোডীয়ে।

তেওঁ কয়, বিৰোধীৰ লক্ষ্য কেৱল দেশক লুট কৰা। ইউ পি এ শাসনাধীন চৰকাৰক মানুহে উৎখাত কৰিছিল। এইবাৰো INDIA গোটক মানুহে প্ৰত্যাখ্যান কৰিব। ইয়াৰোপৰি তেওঁ মহাত্মা গান্ধীৰ আন্দোলনৰ প্ৰসংগ টানি আনি তেওঁ কয়, ব্ৰিটিছ বিৰোধী আন্দোলনত গান্ধীজীয়ে ইংৰাজে ভাৰত এৰক বুলি শ্লোগান দিছিল।

এতিয়া বিৰোধীক লক্ষ্য কৰি শ্লোগান দিয়াৰ সময়। দুৰ্নীতিগ্ৰস্তই ভাৰত এৰক, বুলি শ্লোগান দিয়াৰ সময়। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ৰাজনৈতিক প্ৰচাৰ সভাতো দেশৰ সম্পদ ব্যক্তিগতকৰণ, পুঁজিপতিৰ হাতত এপদ এপদকৈ সকলো সম্পদ গতাই দিয়া, মূল্যবৃদ্ধি, লাখে লাখে ভাৰতীয়ই দেশ ত্য়াগ কৰা আদি বিষয়ত মৌনতা অৱলম্বন কৰিছে। মণিপুৰ প্ৰসংগক গুৰুত্বহীন কৰি তেওঁ এতিয়া ৰাজস্থানবাসীৰ প্ৰিয় ভাজন হ’বলৈ চেষ্টাৰ কোনো ক্ৰটি কৰা নাই।

I.N.D.I.A ক সন্ত্ৰাসবাদী সংগঠনেৰে তুলনা প্ৰধানমন্ত্ৰী মোডীৰ...
মণিপুৰৰ দুই মহিলাক ন্যায় দিবলৈ আহবান বাইডেন প্ৰশাসনৰঃ ৰাজ্যখনত শান্তি স্থাপনৰ বাবেও আহ্বান....

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in