চিনেমা শ্বুটিঙৰ বাবে মন্ত্ৰী পদ ত্যাগৰ বাতৰিক অস্বীকাৰ সাংসদ সুৰেশ গোপীৰ

মোডী মন্ত্ৰীসভাত অন্তৰ্ভুক্তি তেওঁৰ বাবে সন্মাৰ বিষয় বুলি উল্লেখ
চিনেমা শ্বুটিঙৰ বাবে মন্ত্ৰী পদ ত্যাগৰ বাতৰিক অস্বীকাৰ সাংসদ সুৰেশ গোপীৰ
চিনেমা শ্বুটিঙৰ বাবে মন্ত্ৰী পদ ত্যাগৰ বাতৰিক অস্বীকাৰ সাংসদ সুৰেশ গোপীৰ

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনত কেৰালাৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ বিজেপি সাংসদ সুৰেশ গোপীয়ে চিনেমা শ্বুটিঙৰ বাবে মন্ত্ৰীত্বৰ পদ ত্যাগ কৰাৰ খবৰ অস্বীকাৰ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেওবাৰে শপত গ্ৰহণ কৰা অভিনেতা তথা সাংসদগৰাকীয়ে সোমবাৰে দেশজুৰি চৰ্চা লাভ কৰা এই খবৰৰ সত্যতা অস্বীকাৰ কৰি সামাজিক মাধ্যমত ইয়াৰ স্পষ্টিকৰণ দিছে।

সাংসদ জনে ফেচবুকত লিখিছে মোডী চৰকাৰৰ মন্ত্ৰীসভাৰ অংশ হোৱা আৰু কেৰালাৰ জনতাক প্ৰতিনিধিত্ব কৰাটো তেওঁৰ বাবে গৰ্বৰ বিষয়। উল্লেখ্য যে, সোমবাৰে দেশজুৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যে, অধিক চিনেমা শ্বুটিঙ কৰিবৰ বাবে তেওঁক মোডী চৰকাৰে দিয়া দায়িত্বৰ পৰা অব্যাহতি ল'ব।

এই খবৰৰ পাছতে এইগৰাকী সাংসদে সংসদত অথবা চৰকাৰত জনসাধাৰণক কিদৰে প্ৰতিনিধিত্ব কৰি তেওঁলোকৰ সমস্যাৰাজিক তুলি ধৰিব বা তেওঁ কি ভূমিকা পালন কৰিব তাক লৈ প্ৰশ্নও উত্থাপিত হৈছিল।

এক্সত সুৰেশ গোপীয়ে লিখিছে, মই মোডী চৰকাৰৰ মন্ত্ৰী পৰিষদৰ পৰা পদত্যাগ কৰিবলৈ গৈ আছোঁ বুলি একাংশ সংবাদ সংস্থাই অসত্য বাতৰি প্ৰচাৰ কৰি আছে। এয়া সম্পূৰ্ণ অসত্য। মোডী চৰকাৰৰ মন্ত্ৰীসভাৰ অংশ হোৱা আৰু কেৰালাৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰাটো মোৰ বাবে এক সন্মানৰ বিষয়।

ইয়াৰোপৰি তেওঁ লিখিছে- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীজীৰ নেতৃত্বত কেৰালাৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে মই প্ৰতিশ্ৰুতিবদ্ধ।

ইয়াৰ পূৰ্বে কেৰালা কংগ্ৰেছে এক্সত এটা বাতৰিৰ ক্লিপ আপলোড কৰিছিল। য'ত সাংসদ সুৰেশ গোপীক সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কৈছে- মই একোৱেই বিচৰা নাছিলোঁ। মই তেওঁক কৈছিলো যে, মোক এই পদ নালাগে। মই ভাবোঁ মোক পলম নকৰাকৈ ইয়াৰ পৰা আঁতৰাই দিব।

ইয়াৰোপৰি সাংবাদিকে সাংসদগৰাকীক পুনৰ প্ৰশ্ন কৰিছিল ত্ৰিচুৰৰ জনতাই তেওঁক সংসদলৈ নিৰ্বাচিত কৰা লোকসকলৰ ইয়াৰ বাবে সমস্যা নহ'ব নেকি? এই প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, তেওঁলোকৰ ইয়াত কোনো সমস্যা নাই। তেওঁলোকে ভালদৰে জানে। মই ত্ৰিচুৰৰ লোকসকলৰ বাবে এজন সাংসদ হিচাপে ভাল কাম কৰিম। মই চিনেমা কৰিবলৈ অপেক্ষা কৰিব নোৱাৰো।"

চিনেমা শ্বুটিঙৰ বাবে মন্ত্ৰী পদ ত্যাগৰ বাতৰিক অস্বীকাৰ সাংসদ সুৰেশ গোপীৰ
বাৰ্মিজ সেনাৰ বৰ্বৰতাঃ জ্বলাই দিলে গাওঁ, হত্যা কৰিলে ৫১ জন লোকক, বাধ্য কৰিলে প্ৰস্ৰাৱ খাবলৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in