বাৰ্মিজ সেনাৰ বৰ্বৰতাঃ জ্বলাই দিলে গাওঁ, হত্যা কৰিলে ৫১ জন লোকক, বাধ্য কৰিলে প্ৰস্ৰাৱ খাবলৈ...

আৰকান সেনাৰ সমৰ্থক বিচাৰি বিয়া ফিউ গাঁৱত বাৰ্মিজেত সেনাৰ নাৰকীয় কাণ্ড
বাৰ্মিজ সেনাৰ বৰ্বৰতাঃ জ্বলাই দিলে গাওঁ, হত্যা কৰিলে ৫১ জন লোকক, বাধ্য কৰিলে প্ৰস্ৰাৱ খাবলৈ...
বাৰ্মিজ সেনাৰ বৰ্বৰতাঃ জ্বলাই দিলে গাওঁ, হত্যা কৰিলে ৫১ জন লোকক, বাধ্য কৰিলে প্ৰস্ৰাৱ খাবলৈ...

ডিজিটেল ডেস্কঃ কোভিড মহামাৰাৰীৰ বাবে জাৰি কৰা নিষেধাজ্ঞা অমান্য কৰাৰ অপৰাধাক অচিলা হিচাপে লৈ ম্যানমাৰৰ গণতান্ত্ৰিক নেত্ৰী আং চান চ্যু কিক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। সমান্তৰালকৈ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখন ভংগ কৰি ২০২১ৰ ফেব্ৰুৱাৰীৰ পৰা সামৰিক জুণ্টাৰ শাসন অব্যাহত আছে ৰাষ্ট্ৰখনত।

সামৰিক জুণ্টাৰ এনে অপশাসনৰ বিৰুদ্ধে ৰাষ্ট্ৰখনত বিদ্ৰোহ অব্যাহত আছে। তাৰ মাজতে খবৰ আহিছে শেহতীয়াকৈ যোৱা শুকুৰবাৰে ম্যানমাৰৰ সেনাই ৰখাইন প্ৰদেশৰ বিয়া ফিউ নামৰ এখন গাঁৱৰ ৫০ জনতকৈ অধিক লোকক হত্যা কৰিছে। এই সন্দৰ্ভত এক বিস্তাৰিত প্ৰতিবেদন বিবিচিত প্ৰকাশ পাইছে।

এই প্ৰতিবেদন অনুসৰি এই গণহত্যা সংঘটিত হোৱাৰ পিছত প্ৰায় ৩ দিনলৈকে গাওঁখনত সেনাৰ সন্ত্ৰাস অব্যাহত আছিল। কেৱল সেয়াই নহয়, সেনাই গাওঁবাসীৰ চকু বান্ধি তেওঁলোকক নিৰ্মমভাৱে প্ৰহাৰো কৰিছিল। গাওঁখনৰ ঘৰবোৰত পেট্ৰ’ল ঢালি জুই লগাই দিয়া হৈছিল আৰু সেনাই তেওঁলোকৰ প্ৰস্ৰাৱ গাওঁবাসীক খাবলৈ বাধ্য কৰিছিল।

বাৰ্মিজ সেনাই নিজ দেশৰে জনতাৰ লগত এইদৰে বৰ্বৰ আক্ৰমণ কৰাৰ কাৰণ আৰাকান সেনা। জনজাতীয় এই যুঁজাৰু বাহিনীৰ সমৰ্থকসকলৰ বাবে সেনাই গাওঁবাসীৰ লগত এনে নিৰ্মম আৰু বৰ্বৰ আক্ৰমণ কৰাৰ লগতে ৫১ জনকৈ লোকক হত্যা কৰিছে।

ম্যানমাৰৰ নেচনেল ইউনিটি চৰকাৰে এক বিবৃতিৰ জৰিয়তে এই ঘটনা সন্দৰ্ভত কয় যে, ১৫ ৰ পৰা ৭০ বছৰ বয়সৰ ৫১ জন লোকক অতি বৰ্বৰভাৱে অত্যাচাৰ কৰি হত্যা কৰা হৈছে। আৰকান সেনাই অনুমান কৰিছে বাৰ্মিজ সেনাৰ এই হিংসা যজ্ঞত নিহতৰ সংখ্যা ৭০ জনৰো অধিক হ’ব।

অৱশ্যে ম্যানমাৰৰ শাসনাধিষ্ঠ সামৰিক চৰকাৰখনে এই অভিযোগ অস্বীকাৰ কৰিছে। যোৱা ৩ বছৰীয়া গৃহ যুদ্ধত ম্যানমাৰত সংঘটিত হোৱা আটাইতকৈ অমানৱীয়, হিংসাত্মক আৰু নাৰকীয় ঘটনা হিচাপে পৰিগণিত হৈছে এই ঘটনা। এই সন্দৰ্ভত এগৰাকী মহিলাই জানিবলৈ দিয়া মতে, সেনাই আহি গাওঁখনৰ পুৰুষসকলক প্ৰথমে প্ৰশ্ন কৰে গাওঁখনত আৰকান সেনা আছে নেকি?

এই প্ৰশ্নৰ উত্তৰত গাওঁবাসীয়ে তেওঁলোকে একো নাজানে বুলি কোৱাত সেনাই অত্যাচাৰ আৰম্ভ কৰে। তেওঁ পুনৰ কয় যে, মই নিজ চকুৰে দেখিছো মোৰ স্বামীক সেনাই তেওঁলোকৰ বাহনত কঢ়িয়াই নিছে। মোৰ ল’ৰাটোক আমাৰ দুয়োৰে কাষৰ পৰা আঁতৰি গৈছে। সি ক'ত আছে আমি নাজানোঁ। এতিয়া মই এই কথাও নাজানো মোৰ স্বামী আৰু পুত্ৰ জীয়াই আছেনে নাই।

তেওঁ উল্লেখ কৰা অনুসৰি ১০০০ তকৈ অধিক পৰিয়ালৰ আৱাসস্থলী এই গাওঁখনৰ লোকসকলক দুদিন মুকলি আকাশৰ তলত ৰ'দত ৰখা হৈছিল। আনকি তেওঁলোকক পৰ্যাপ্ত খাদ্য আৰু পানীৰ পৰাও বঞ্চিত কৰা হৈছিল। পানীৰ পৰিৱৰ্তে সেনাই বটলত প্ৰস্ৰাৱ কৰি সেয়াহে খাবলৈ আগবঢ়াই দিছিল।

গাওঁখনৰ বহু লোকক চকুত বান্ধি মুকলি আকাশৰ তলত থিয় কৰাই সেনাই নানান প্ৰশ্ন কৰিছিল আৰু উপৰ্জুপৰি প্ৰহাৰ কৰা হৈছিল। তাৰে একাংশক সেনাৰ ট্ৰাকত উঠাই নিয়া হৈছিল। সেইসকলৰ বহু লোক ঘূৰি নাহিল। বৰঞ্চ দূৰৰ পৰা গুলীৰ শব্দহে ভাঁহি আহিছিল।

গাওঁখনৰ আন এজন লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বাৰ্মিজ সেনাৰ একাংশই সুৰা সেৱন কৰি মৃতদেহবোৰ গাত খান্দি পুতিবলৈ গাওঁখনত বেলচা বিচাৰি ফুৰিছিল। এই সেনাৰ দলটোত আছিল প্ৰায় ১০০ জন লোক।

এই ঘটনা সংঘটিত হোৱা ৰাখাইন প্ৰদেশ আৰাকান সেনাৰ অন্যতম বিচৰণস্থলী। এই প্ৰদেশখনৰ মুখ্য চহৰ চিটৱে। প্ৰায় ২ লাখ লোকৰ বসতিস্থল এই চিটৱেতে আছে প্ৰদেশখনৰ মুখ্য বন্দৰ আৰু বিমান বন্দৰ।

সেয়ে এই চিটৱেৰ গুৰুত্ব অপৰিসীম। কিন্তু ইয়াত আৰকান সেনা বাৰ্মিজ সেনাতকৈ অধিক শক্তিশালী হৈ পৰিছে। প্ৰদেশখনৰ অধিকাংশ অঞ্চল আছে আৰকান সেনাৰ দখলত। আৰকান সেনাৰ প্ৰতি জনজাতীয় লোকসকলৰ মাজত আছে যথেষ্ট সহানুভূতি।

ইয়াৰ লোকসকলে আনকি দেহৰ বিভিন্ন অঞ্চলত অংকন কৰি লৈছে আৰকান সেনাৰ টাটু।বাৰ্মিজ সেনাই গাওঁখনত আক্ৰমণ কৰাৰ সময়ত যিসকল লোকৰ দেহত আৰকান সেনাৰ টাটু দেখিছিল সেই অংগ কাটি পেলুৱাৰ উপৰিও পেট্ৰ’ল ঢালি তাত জুই লগাই দিছিল।

গাওঁখনলৈ যি ১০০ জনীয়া সেনাৰ দল আহিছিল ইয়াত আছিল  দেশখনৰ উত্তৰ শান প্ৰদেশৰ যুদ্ধবিধ্বস্ত অঞ্চলৰো সেনা। এই শান প্ৰদেশত বিগত বছৰত সেনা যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল।

উল্লেখ্য যে, ম্যানমাৰৰ বিদ্ৰোহী আৰকান সেনা বাৰ্মিজ সেনাৰ বাবে মূৰৰ কামূৰণি হৈ পৰিছে। যোৱা ৬ মাহতে আৰকান সেনাই ৰাখাইন প্ৰদেশৰ বেছিভাগ অঞ্চল দখল কৰিছে।

ইয়াৰ পৰা বাৰ্মিজ সেনাক আঁতৰি যাবলৈ বাধ্য কৰিছে। এই আৰকান সেনাই যোৱা বছৰৰ সামৰিক বাহিনীৰ সৈতে থকা যুদ্ধ বিৰতিৰ অৱসান ঘটনাইছে আৰু দেশখনৰ পৰা সামৰিক প্ৰশাসনক উৎখাত কৰিবলৈ দেশৰ আন প্ৰান্তত যুঁজ দিয়া জনজাতীয় বিদ্ৰোহী গোট বোৰৰ সৈতে সম্পৰ্ক স্থাপন কৰি তেওঁলোকৰ বিদ্ৰোহক নতুন মাত্ৰা প্ৰদান কৰিছে।

বাৰ্মিজ সেনাৰ বৰ্বৰতাঃ জ্বলাই দিলে গাওঁ, হত্যা কৰিলে ৫১ জন লোকক, বাধ্য কৰিলে প্ৰস্ৰাৱ খাবলৈ...
ভয়ংকৰ ঘটনাঃ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in