মুছলমান যুৱকৰ সৈতে পলাই যোৱা যুৱতীৰ লগত বিজেপি সাংসদে চালে 'দ্যা কেৰলা ষ্টৰী'

বিজেপি সাংসদে যুৱতীক দেখুৱালে 'দ্যা কেৰলা ষ্টৰী'। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ভোপালত

author-image
Asomiya Pratidin
New Update
মুছলমান যুৱকৰ সৈতে পলাই যোৱা যুৱতীৰ লগত বিজেপি সাংসদে চালে 'দ্যা কেৰলা ষ্টৰী'

ডিজিটেল ডেস্কঃ বিজেপি সাংসদে যুৱতীক দেখুৱালে 'দ্যা কেৰলা ষ্টৰী'। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ভোপালত। জানিব পৰা মতে নাৰ্ছিং পঢ়ি থকা যুৱতীগৰাকীয়ে ওচৰৰে যুৱক এজনৰ লগত পলাই গৈছিল। যুৱতীগৰাকীৰ পৰিয়ালৰলোকৰ অভিযোগ অনুসৰি যুৱতীগৰাকীয়ে পলাই যোৱাৰ সময়ত ঘৰৰ পৰা অলংকাৰ,ধন আদি লৈ গৈছিল।

১৯ মে'ত যুৱতী গৰাকী নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰিছিল। পৰিয়ালৰ লোকৰ মতে লাভ জিহাদৰ বলি হৈছিল যুৱতী গৰাকী। কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ উত্থাপন কৰিছে।

ইয়াৰ পূৰ্বেও এবাৰ যুৱতীগৰাকী পলাই গৈছিল। তেতিয়া পৰিয়ালৰলোকে বিজেপি সাংসদ প্ৰজ্ঞা সিং ঠাকুৰৰ সহায় লৈছিল। সাংসদ গৰাকীয়ে যুৱতীগৰাকীক ঘূৰাই আনিছিল আৰু যুৱতী গৰাকীক বুজাবৰ বাবে তেওঁৰ লগত 'দ্যা কেৰলা ষ্টৰী'ও চাইছিল।

জানিব পৰা মতে ২০ বছৰীয়া যুৱতীগৰাকী ইউছুফ খান নামৰ যুৱকজনৰ সৈতে পলাই গৈছিল। ইউছুফ পেচাত এগৰাকী গাড়ী চালক। আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে বিচাৰি পোৱা নাই যুৱতী গৰাকীক।

উল্লেখ্য যে, 'দ্যা কেৰলা ষ্টৰী' এখন হিন্দী ছবি।এই ছবিখনক লৈ সৃষ্টি হৈছিল বহু বিতৰ্কৰ। ছবিখনত কেৰলাৰ একাংশ যুৱতীৰ বিষয়ে দেখুওৱা হৈছে যাক ধৰ্মান্তৰকৰণ কৰা হয়।

Also Read: ওড়িশাত পুনৰ লাইনচ্যুত ৰে'ল, জিৰণী লৈ থকা ৬ শ্ৰমিকৰ মৃত্যু

the kerla story madhya pradesh