ওড়িশাত পুনৰ লাইনচ্যুত ৰে'ল, জিৰণী লৈ থকা ৬ শ্ৰমিকৰ মৃত্যু

ওড়িশাত পুনৰ লাইনচ্যুত ৰে'ল, জিৰণী লৈ থকা ৬ শ্ৰমিকৰ মৃত্যু

ডিজিটেল ডেস্কঃ এটাৰ পাছত আন এটা ৰে'ল দুৰ্ঘটনা। কেইদিনমান পূৰ্বে ওড়িশাৰ বালাছোৰত সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাত ২৫০ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল ৯০০ জনৰো অধিক। ইয়াৰ মাজতে মঙলবাৰে পুনৰ এখন মালবাহী ৰে'ল লাইনচ্যুত হয় ওড়িশাত।

ওড়িশাৰ জাজপুৰত এখন মালবাহী ৰে'ল লাইনচ্যুত হোৱাৰ ফলত ৬ গৰাকীকৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে ২জন আহত হয়। ধুমুহাৰ ফলত ইঞ্জিন অবিহনে ট্ৰেকত ৰে'লখন চলিবলৈ আৰম্ভ কৰিছিল। তেতিয়াই তাত থকা শ্ৰমিকসকলৰ মৃত্যু হয়। উক্ত স্থানত শ্ৰমিক কেইজনে বতাহ বৰষুণৰ পৰা হাত সাৰিবলৈ জিৰণী লৈ আছিল।

উল্লেখ্য যে, মালবাহী ৰে'লখনৰ ডবা কেইটা ইঞ্জিনৰ লগত সংলগ্ন নাছিল। সেই সময়ত ধৰাসাৰ বৰষুণ আৰু বজ্ৰপাত অহাৰ ফলত ৰে'লখনৰ তলতে আশ্ৰয় লৈছিল ৰে'ল লাইনত কৰ্মৰত শ্ৰমিকসকলে। তেতিয়াই ইঞ্জিন অৱিহনে ৰে'লখন চলাৰ ফলত মৃত্যু হয় প্ৰায় ৬ জনৰ। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে।

আনহাতে আজি অসমতো এক অনুৰূপ ঘটনা সংঘটিত হয়। বকোৰ শিংৰাত মালবাহী ৰে’ল দুৰ্ঘটনাত পতিত হয়। কামাখ্যা-যোগীঘোপা ৰে’লপথত এই ঘটনা। ৰে’লখনৰ ১৫-১৬টাকৈ দবা লাইনচ্যুত হয়। ৬-৭টা দবাৰ সৈতে ইঞ্জিন চলি যায় প্রায় ২০০ মিটাৰ। গুৱাহাটী দিশত গৈ থকা ৰে’লখন কয়লা ভৰ্তি আছিল দবাসমূহ। অৱশ্যে এই ঘটনাৰ ফলত কোনোলোক হতাহত হোৱা নাই।

ওড়িশাত পুনৰ লাইনচ্যুত ৰে'ল, জিৰণী লৈ থকা ৬ শ্ৰমিকৰ মৃত্যু
ওদালগুৰি বিজেপিত সংঘাত! দলত্যাগ কৰিলে একাংশই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in