আকাশবাণীৰ সঞ্চালকপ্ৰধান পদত অসম কন্যা

আকাশবাণীৰ সঞ্চালকপ্ৰধান পদত অসম কন্যা

তেওঁৰ এই সফলতাত সমগ্ৰ অসমৰ লগতে গৃহ চহৰ তেজপুৰতো আনন্দৰ জোৱাৰ উঠিছে

ডিজিটেল ডেস্ক : আকাশবাণী কেন্দ্ৰৰ শীৰ্ষ পদত অধিষ্ঠিত হৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী অসমীয়াই। তেওঁ হৈছে তেজপুৰৰ কন্যা মৌচুমী চক্ৰৱৰ্তী।

চক্ৰৱৰ্তীক আকাশবাণীৰ বাতৰি বিভাগৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে।ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অসম কন্যা মৌচুমীক পূৰ্বৰ শীৰ্ষ বিষয়া বসুধা গুপ্তাৰ স্থানত নিযুক্তি দিয়া হৈছে বুলি নিৰ্দেশনাত প্ৰকাশ কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, চলিত বৰ্ষৰ ১৬ মাৰ্চত প্ৰকাশিত এক জাননীযোগে তেওঁৰ নিযুক্তিৰ কথা প্ৰকাশ পাইছিল। মৌচুমী চক্ৰৱৰ্তী ১৯৯১ বৰ্ষৰ ভাৰতীয় তথ্য সেৱাৰ এগৰাকী বিষয়া। তেওঁৰ এই সফলতাত সমগ্ৰ অসমৰ লগতে গৃহ চহৰ তেজপুৰতো আনন্দৰ জোৱাৰ উঠিছে।

আকাশবাণীৰ সঞ্চালকপ্ৰধান পদত অসম কন্যা
মহানগৰীত গ্ৰীণ বাছৰ অতপালি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in