/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ ৰাজপথত এইবাৰ গ্ৰীণ বাছৰ অতপালি। গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ গ’ল অটো চালকৰ। মহানগৰীৰ খানাপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। পৰিবহন নিগমৰ চি এন জি গ্ৰীণ বাছে মহটিয়াই নিয়ে ৰৈ থকা অটোক।
বাছৰ খুন্দাত থিতাতে নিহত হয় অটো চালক হিতেশ কলিতা। এই দুৰ্ঘটানাতে গুৰুতৰভাৱে আহত হয় আন দুজন লোক। বাছখন পৰিচালকে চলোৱাৰ অভিযোগ তৰিছে স্থানীয় ৰাইজে। দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ এ-এছ-২০-২৫৫৮।
Also Read: দুবছৰীয়া যমজ সন্তানৰ মাতৃ নিৰুদ্দেশ হোৱাক লৈ বিশ্বনাথত চাঞ্চল্য