মাতৃৰ নাম কলংক! বিহ খুৱাই হত্যা কৰিলে ৩ সন্তানক, কাৰণ...

দেশত তীব্ৰ গতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। নিজৰ আপোনজনকো হত্যা কৰিবলৈ বহুতে কুণ্ঠাবোধ নকৰে।

author-image
Asomiya Pratidin
New Update
মাতৃৰ নাম কলংক! বিহ খুৱাই হত্যা কৰিলে ৩ সন্তানক, কাৰণ...

ডিজিটেল ডেস্ক: দেশত তীব্ৰ গতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। নিজৰ আপোনজনকো হত্যা কৰিবলৈ বহুতে কুণ্ঠাবোধ নকৰে। ঠিক একেদৰে এগৰাকী মহিলাই মাতৃত্বৰ নামত সানিলে কলংক।

এগৰাকী মহিলাই পাৰিবাৰিক বিবাদৰ ফলত নিজৰেই ৩ সন্তানক বিহ দি হত্যা কৰে। এই ঘটনা উত্তৰ প্ৰদেশৰ শামলি জিলাৰ কৈৰানা অঞ্চলত সংঘটিত হৈছে।

মহিলা গৰাকীৰ ডাঙৰ পুত্ৰ(৮ বছৰ) ঘটনা স্থলীতে মৃত্যু হয় আৰু আন চাৰি আৰু দুই বছৰ বয়সৰ শিশুৰ চিকিৎসালয়ত মৃত্যু হয়।

দিল্লীত কৰ্মৰত পিতৃয়ে খবৰ পাই পত্নী আৰু পৰিয়ালৰ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। মহিলাগৰাকীক সোধা-পোছাৰ বাবে ইতিমধ্যে আৰক্ষীয়ে জিম্মাত লৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। শিশু সকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

আৰু পঢ়ক: জামুগুৰিহাটত শিক্ষয়ত্ৰীৰ হিয়াভগা কান্দোন,আত্মজাহৰ হুংকাৰ

crime