/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/58519297-d809-4e9e-b993-9d3a905d51e3/hi.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট: এগৰাকী মহিলাৰ হিয়া ভগা কান্দোনে সকলোৰে দৃষ্টি আৰ্কষণ কৰিছে জামুগুৰিহাটত ৷ আজি সাংবাদিকৰ আগত হুক হুকাই কন্দা এই গৰাকী মহিলাই হ'ল বিশ্বনাথৰ ৰুক্মিনী কিষান ৷
কিছু দিনৰ আগতে এইগৰাকী ৰুক্মিনীয়ে দেশৰ ৰাষ্ট্ৰপতিক সাক্ষাতো কৰিছিল ৷ কিন্তু সেই গৰাকী ৰুক্মিণীৰ আজি পুত্ৰৰ বাবে এটা কেক কিনিবলৈ অভাৱ টকাৰ ৷
ঠায়ে ঠায়ে নানা ৰঙৰ কেক কাটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন আনফালে নিজৰ ল'ৰা ছোৱালীৰ জন্মদিনৰ কেক কাটিবলৈ সক্ষমতা নাই এইসকল শিক্ষকৰ। এখন প্ৰাথমিক বিদ্যালয়ত টিউটৰ শিক্ষক হিচাপে নিযুক্তি পোৱা এই গৰাকী ৰুক্মিণীয়ে দহ হেজাৰ টকাত ৰুগীয়া স্বামী সহ সংসাৰ চলাবলৈ সম্প্ৰতি অপাৰগ ৷
ৰাষ্ট্ৰপতিক লগ পোৱাৰ মূহুৰ্তত চাকৰী জীৱনৰ কথা ক'বলৈ মুখ্যমন্ত্ৰীয়ে সময় নিদিয়া বুলিও অভিযোগ কৰে ৰুক্মিণীয়ে ৷ আজি জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত সদৌ অসম প্ৰাদেশীকৃত মধ্য আৰু প্ৰাইমাৰী শিক্ষক টিউটৰ সংস্থাই আয়োজন কৰা এক সংবাদ মেলত চাকৰী নিয়মীয়া নহ'লে আত্মজাহ যাব বুলিও হুংকাৰ দিয়ে ৰুক্মিণী কিষাণে ৷
উল্লেখ্য যে মূখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম দিনটোত একাংশ অনুগামীয়ে উলহ-মালহেৰে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে আজি এগৰাকী শিক্ষয়িত্ৰীৰ হিয়া ভগা কান্দোনে বিশেষ তাৎপৰ্য বহন কৰিছে ৷
আৰু পঢ়ক: গুৱাহাটীত ট্ৰান্সজেণ্ডাৰ সকলৰ বাবে থকা 'তৃতীয় নিৱাস' পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ