১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাঃ ৰাহুল গান্ধীক অতিক্ৰম হিমন্ত বিশ্ব শৰ্মাৰ

শীৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাঃ ৰাহুল গান্ধীক অতিক্ৰম হিমন্ত বিশ্ব শৰ্মাৰ
১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাঃ ৰাহুল গান্ধীক অতিক্ৰম হিমন্ত বিশ্ব শৰ্মাৰ

ডিজিটেল ডেস্কঃ দেশৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বিজেপি দলে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ পাৰ্যমানে চেষ্টা অব্যাহত ৰখা প্ৰধানমন্ত্ৰী মোডীয়ে অৱশ্যে বিশ্বৰো প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে।

ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা দেশৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তৃতীয় স্থানত আছে আৰ এছ এছৰ প্ৰধান মোহন ভগৱত। মন কৰিবলগীয়া যে শীৰ্ষ ১০ টা স্থানৰ ভিতৰত অৰাজনৈতিক ব্যক্তি হিচাপে একমাত্ৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়েহে স্থান লাভ কৰিছে।

বিৰোধী ৰাজনৈতিক নেতাৰ ভিতৰত এই তালিকাৰ প্ৰথম নাম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। তেওঁ শীৰ্ষ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত আছে ১৫ নম্বৰত। তেওঁৰ পাছতে আছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী

মন কৰিবলগীয়া যে এই তালিকাৰ ১৪ নম্বৰ স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই তালিকাত লাভ কৰিছে ১৮ নম্বৰ স্থানত।

আনহাতে বিশ্বৰে অন্যতম ধনাধ্য উদ্যোগপতি হিচাপে পৰিচিত গৌতম আদানী আৰু মুকেশ আম্বানীৰ এই তালিকাত স্থান হৈছে ক্ৰমে ১০ আৰু ১১।

শীৰ্ষ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাৰ শীৰ্ষ ২০ জন ব্যক্তিৰ নাম ক্ৰমে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, মোহন ভগৱত, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, এছ জয়শংকৰ, যোগী আদিত্যনাথ, ৰাজনাথ সিং, নিৰ্মলা সীতাৰমণ, জে পি নড্ডা, গৌতম আদানী, মুকেশ আম্বানী, পীযুষ গোৱেল, অশ্বিনী বৈষ্ণৱ, হিমন্ত বিশ্ব শৰ্মা, মমতা বেনাৰ্জী, ৰাহুল গান্ধী, অজিত ডোভাল, অৰবিন্দ কেজৰিৱাল, শক্তিকান্ত দাস আৰু হৰদীপ সিং পুৰী।

১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাঃ ৰাহুল গান্ধীক অতিক্ৰম হিমন্ত বিশ্ব শৰ্মাৰ
দিল্লীলৈ যোৱাৰ পথত সন্ধানহীন অসমৰ যুৱকঃ অৱশেষত উদ্ধাৰ মৃতদেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in