দিল্লীলৈ যোৱাৰ পথত সন্ধানহীন অসমৰ যুৱকঃ অৱশেষত উদ্ধাৰ মৃতদেহ...

উত্তৰ প্ৰদেশৰ জলেশ্বৰ ৰোডত ৰহস্যজনক অৱস্থাত উদ্ধাৰ লামডিঙৰ মিঠুন হৰিজনৰ মৃতদেহ
দিল্লীলৈ যোৱাৰ পথত সন্ধানহীন অসমৰ যুৱকঃ অৱশেষত উদ্ধাৰ মৃতদেহ...
দিল্লীলৈ যোৱাৰ পথত সন্ধানহীন অসমৰ যুৱকঃ অৱশেষত উদ্ধাৰ মৃতদেহ...

ডিজিটেল সংবাদ লামডিংঃ পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু। এইবাৰ উত্তৰ প্ৰদেশৰ জলেশ্বৰ ৰোডত উদ্ধাৰ হৈছে লামডিং নিউ কলনীৰ যুৱক মিঠুন হৰিজনৰ মৃতদেহ।

উল্লেখ্য যে, লামডিঙৰ পৰা কিছু দিন পূৰ্বে দিল্লীলৈ যাত্ৰা কৰিছিল মিঠুন হৰিজনে। যাত্ৰা পথত অন্তিমবাৰৰ বাবে যোৱা ২০ ফেব্ৰুৱাৰীত মাতৃলৈ ফোন কৰিছিল মিঠুনে। ইয়াৰ পিছৰ পৰা পৰিয়ালৰ সৈতে কোনো যোগাযোগ নাছিল মিঠুনৰ।

দীৰ্ঘদিন ধৰি ছুইফ অফ হৈ আছিল মিঠুনৰ মোবাইলটোৰ। অৱশেষত সন্ধান ওলাল মিঠুন হৰিজনৰ। উত্তৰ প্ৰদেশৰ জলেশ্বৰ ৰোডত উদ্ধাৰ হৈছে মিঠুনৰ মৃতদেহ। ইয়াকে লৈ এতিয়া মিঠুন হৰিজনৰ লামডিঙৰ বাসগৃহত এক শোকাকুল পৰিৱেশৰ সূচনা হৈছে। সমান্তৰালকৈ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য।

দিল্লীলৈ যোৱাৰ পথত সন্ধানহীন অসমৰ যুৱকঃ অৱশেষত উদ্ধাৰ মৃতদেহ...
নিজা বিধায়কৰ পদ খাৰিজ কৰি চৰকাৰ ৰক্ষা কৰিলে কংগ্ৰেছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in