/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/063dea3e-1402-4b08-8107-030affbbc700/bandar11.jpg)
ডিজিটেল ডেস্ক : এটা বান্দৰে জ্বলা-কলা খুৱাইছে একাংশ লোকক। মধ্য প্ৰদেশৰ উজ্জয়িনী জিলাৰ বন বিভাগৰ এটি আবাসীক অঞ্চলত এটা বান্দৰে চলাই আহিছে উপদ্ৰপ।
বান্দৰটোৰ আক্ৰমণত আবাসীক অঞ্চলটোৰ প্ৰায় ২০ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে আঘাতৰ বাবে কেইবাগৰাকী লোকে চিলাই পৰ্যন্ত কৰিব লগা হয়। সেয়ে বান্দৰটোৰ উপদ্ৰপৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্য়ৱস্থা।
যিয়ে উক্ত বান্দৰটি ধৰি দিব পাৰিব তেওঁক দিয়া হ'ব ২১ হাজাৰ টকাৰ আৰ্থিক পুৰস্কাৰ। জিলা প্ৰশাসনে পুৰস্কাৰ ঘোষণা কৰাৰ লগে লগে স্থানীয় ৰাইজৰ মাজত দেখা গৈছে তৎপৰতা। বান্দৰটো বিচাৰিবলৈ ব্যৱহাৰ কৰিছে ড্ৰোন। জয় শ্ৰী ৰাম,জয় বজৰংবলী আৰু যে ক'ত কি ধ্বনি।
Also Read: ৱাশ্বিংটন ডিচিত 'ইন্দ্ৰ দেৱতা'ই আশীৰ্বাদ দিলে মোডীকঃ সম্বোধন কৰিব সংবাদ মেল...