ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ইডিৰ চমন

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ইডিৰ চমন

ডিজিটেল ডেস্কঃ ইডিয়ে চমন জাৰি কৰিলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক । ভূমি কেলেংকাৰী সম্পৰ্কীয় ধন ৰপ্তানিৰ গোচৰত সোধা-পোছাৰ বাবে চমন কৰিছে মুখ্যমন্ত্ৰীগৰাকীক। সোমবাৰে এই জাননী জাৰি কৰিছে।

সূত্ৰ অনুসৰি জানিব পৰা মতে সোৰেনক মঙলবাৰে ফেডাৰেল এজেন্সিৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ আৰু মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত তেওঁৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ নিৰ্দেশ দিছে। ইডিয়ে মুখ্যমন্ত্ৰীগৰাকীক জাৰি কৰা এয়া ৬ নম্বৰখন জাননী। কিন্তু এতিয়ালৈকে এবাৰে তেওঁ হাজিৰ হৈছে।

তেওঁ এই সন্দৰ্ভত ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এখন প্ৰতিবেদন দাখিল কৰিছে আৰু ইডিৰ কাৰ্যৰ পৰা সুৰক্ষা দিবলৈ অনুৰোধ জনায়। ইডিয়ে অভিযোগ কৰিছে যে মাফিয়াৰ দ্বাৰা ভূমিৰ মালিকীস্বত্ব অবৈধভাৱে হস্তান্তৰ কৰাৰ এটা ডাঙৰ চক্ৰ ঝাৰখণ্ডত সক্ৰিয় আছিল। ইতিমধ্যে ই গোচৰত ইডিয়ে ১৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ইডিৰ চমন
'ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এন আৰ চিৰ কথা কৈছে'- লুৰিণজ্যোতি গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in