শিক্ষক কন্দৰ্প দলেৰ বিয়োগ : ঢকুৱাখনাত শোকৰ ছাঁ

শিক্ষক কন্দৰ্প দলেৰ বিয়োগ : ঢকুৱাখনাত শোকৰ ছাঁ

author-image
Asomiya Pratidin
New Update
শিক্ষক কন্দৰ্প দলেৰ বিয়োগ : ঢকুৱাখনাত শোকৰ ছাঁ

ডিজিটেল সংবাদ,ঢকুৱাখনা : মিচিং জনগোষ্ঠীৰ স্বকীয় ভাষাক সাৰ্বজনীন আৰু সৰ্বজনগ্ৰহনীয় কৰি প্ৰচাৰ আৰু প্ৰসাৰণত আমৃত্যু ব্ৰতী হৈ অহা প্ৰবীণ শিক্ষাবিদ কন্দৰ্প দলে আৰু নাই। পূব ঢকুৱাখনা অঞ্চলৰ বাঘচুক গাঁৱৰ নিবাসী প্ৰবীণ সমাজহিতৈষী কন্দৰ্প দলেৰ (৭৫) মঙলবাৰে পুৱতি নিশা প্ৰায় ৩-০০ বজাত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ স্বগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷

Advertisment

উল্লেখ্য যে তেওঁৰ জন্ম হৈছিল ১৯৪৮ চনত কলাবাৰী গাৱঁত। বৰ্তমানৰ বাঘচুক গাঁৱৰ নিবাসী দলেয়ে সামাজিক দায়বদ্ধতাৰ সমুজ্জল চানেকি দাঙি ধৰি ওৰেটো জীৱন নৱ প্ৰজন্মৰ গুণগত আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত কৰাৰ লগতে মিচিং ভাষাৰ ব্যায়াকৰণিক আৰু পৰিশুদ্ধ শিক্ষা প্ৰদানত আত্মনিয়োগ কৰি আহিছিল ।

বিদ্যায়তনিক উচ্চ শিক্ষাৰ লগতে মিচিং ভাষা শিক্ষাৰে উচ্চ শিক্ষিত দলেয়ে ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত ভোমা কলাবাৰী প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল । পৰৱৰ্তী সময়ত ৫৪৯ নং বাঘচুক প্ৰাথমিক বিদ্যালয়ৰ পৰা সহকাৰী শিক্ষক হিচাপে অবসৰগ্ৰহণ কৰিও প্ৰবীণ শিক্ষাব্ৰতী গৰাকীয়ে মিচিং জনগোষ্ঠীয় ভাষা শিক্ষাৰ সাৱলীল আৰু প্ৰণালীবদ্ধ শিক্ষা দানত অতুল্য অৱদান আগবঢ়াই গৈছে ।

স্বজাতিৰ শিক্ষা ,সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগতে জনগোষ্ঠীটোৰ ৰক্ষণশীল সমাজ ব্যৱস্থাৰ কৰালগ্ৰাসৰ পৰা উত্তৰণ ঘটোৱাৰ বাবেও দলেয়ে আমৃত্যু বৰেণ্য অৱদান আগবঢ়াই গৈছে । মিচিং আগম কৌবাংৰো এগৰাকী সদা সক্ৰিয় কৰ্মী ,প্ৰবীণ শিক্ষাবিদগৰাকীৰ বিয়োগত শোকাচন্ন হৈছে সমগ্ৰ ঢকুৱাখনা।

বিশিষ্ট নাগৰিক দলেৰ বিয়োগত বিশিষ্ট লোক সংস্কৃতিৰ সাধক,সাহিত্যিক,অৱসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া ড০ পবিত্ৰ কুমাৰ পেগু,মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু,সদৌ মিচিং ছাত্ৰ সন্থাৰ ঢকুৱাখনা জিলা সভাপতি সঞ্জীৱ দলে,সম্পাদক অমৰজিত দলে আদি বিভিন্ন ব্যক্তি আৰু সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত দলেয়ে পত্নী ফুলেশ্বৰী পেগু ,এজন পুত্ৰ আৰু ৪গৰাকী কন্যা সহ অজস্ৰ গুণমুগ্ধক ইস সংসাৰত এৰি থৈ যায়।

Also Read: নগাঁও কলেজ (অট’নমাচ)ৰ মহাবিদ্যালয় সপ্তাহ আৰু যুৱ সমাৰোহৰ আৰম্ভণি

dhakuakhana