ডিজিটেল ডেস্কঃ খেল পথাৰৰ ভিতৰত দুৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তেই নহয়, খেল পথাৰৰ বাহিৰতো নিজৰ কামকাজৰ বাবে মানুহৰ মন জয় কৰিছে বেগী বলাৰ মহম্মদ ছামিয়ে। পথ দুৰ্ঘটনাৰ সন্মুখীন হোৱা এজন লোকক উদ্ধাৰ কৰি মহম্মদ ছামি পুনৰ চৰ্চালৈ আহিছে।
বিশ্বকাপ অন্ত পৰাৰ পাছতে অৱসৰ বিনোদনৰ বাবে নাইনিতাল ভ্ৰমণ কৰিছে মহম্মদ ছামিয়ে। নাইনিতাল যাত্ৰা কৰাৰ সময়তে ছামিয়ে এখন বাহন পাহাৰৰ খাৱৈত পৰি থকা দেখে। লগে লগে তেওঁ নিজা বাহনৰ পৰা নামি দুৰ্ঘটনাত পতিত বাহনখনৰ চালকজনক উদ্ধাৰ কৰে।
এই ঘটনাৰ কথা উল্লেখ কৰি ছামিয়ে ইনষ্টাগ্ৰামত লিখিছে, ''তেওঁ বহু ভাগ্যৱান। ঈশ্বৰে তেওঁক দ্বিতীয় জীৱন দিছে। তেওঁৰ বাহনখন নাইনিতালৰ কাষৰ পাহাৰীয়া পথত মোৰ বাহনৰ সন্মুখতে আছিল। আমি তেওঁক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছো।''
উল্লেখ্য, এই দুৰ্ঘটনাত চালকজনে আঘাত পাইছে যদিও তেওঁৰ আঘাত গুৰুতৰ নহয়। মহম্মদ ছামিয়ে ইনষ্টাগ্ৰামত এই বিষয়ে লিখাৰ পাছতে তেওঁ পুনৰ চৰ্চাৰ মাজলৈ আহে। সকলোৱে তেওঁক এই মহানতাৰ বাবে প্ৰশংসা কৰে।
স্মৰ্তব্য, সদ্য সমাপ্ত এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ পাছৰে পৰা চৰ্চাৰ শীৰ্ষত আছে মহম্মদ ছামি। প্ৰথম চাৰিখনকৈ মেচত মূল একাদশৰ পৰা বাহিৰত থকা ছামিয়ে হাৰ্ডিক পাণ্ডিয়াৰ আঘাতৰ পাছতে খেলাৰ সুযোগ লাভ কৰিছিল।
নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপত নিজৰ অভিযান আৰম্ভ কৰা ছামিয়ে প্ৰথমখন মেচতে দুৰ্দান্ত প্ৰদৰ্শনেৰে তেওঁৰ স্থান অৱশিষ্ট আটাইকেইখন মেচতে নিগাজি কৰি লয়। বিশ্বকাপত মুঠ ৭ খন মেচ খেলি তেওঁ ২৪ টাকৈ উইকেট দখল কৰিছে। ৫ টাকৈ উইকেট তেওঁ তিনিখন মেচত লাভ কৰিছে।