মোডী চৰকাৰৰ ১০ লাখ চাকৰি! ১৩ এপ্ৰিলত প্ৰদান কৰিব নিযুক্ত পত্ৰ...

দেশত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। ইফালে বিৰোধীয়ে শাসকপক্ষক প্ৰায়েই কটাক্ষ কৰি আহি আছে

author-image
Asomiya Pratidin
New Update
মোডী চৰকাৰৰ ১০ লাখ চাকৰি! ১৩ এপ্ৰিলত প্ৰদান কৰিব নিযুক্ত পত্ৰ...

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। ইফালে বিৰোধীয়ে শাসকপক্ষক প্ৰায়েই কটাক্ষ কৰি আহি আছে। ইয়াৰ মাজতে ওলাইছে চৰকাৰী চাকৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰিব নিযুক্তি কৰিব।

Advertisment

১৩ এপ্ৰিলত দেশৰ প্ৰায় ৪৫ খন ঠাইত এই নিযুক্তি পত্ৰ বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত হ'ব।এই অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী নেতা।

প্ৰধানমন্ত্ৰী মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৭১ হাজাৰ খালী পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইয়াৰ বেছিভাগ হ'ব ৰে'ল মন্ত্ৰালয়ৰ নিযুক্তি পত্ৰ। ৰেল মন্ত্ৰালয়ত ৫০,০০০ পদ পূৰণ কৰা হ'ব।

ইয়াৰোপৰি ডাক বিভাগ আৰু বিত্তীয় সেৱা বিভাগৰ খালী পদসমূহতো নিযুক্তি দিয়া হ'ব। মোডী চৰকাৰে ঘোষণা কৰিছে যে এই বছৰৰ শেষলৈকে ১০ লাখ লোকক চৰকাৰী চাকৰি দিয়া হ'ব। এই ঘোষণা মোডীয়ে বিগত বৰ্ষৰ ধনতেৰেছত কৰিছিল।

Also Read: বি ভি এফ চিএলৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস

job narendra modi