বি ভি এফ চিএলৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস

অসম পেট্ৰকেমিকেলৰ অধ্যক্ষ বিকুল ডেকাই এইদৰে মন্তব্য কৰে

author-image
Asomiya Pratidin
New Update
বি ভি এফ চিএলৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ, নামৰূপঃ "সম্ভাৱনাৰে সমৃদ্ধ নামৰূপ সাৰ কাৰখানা প্ৰায় এটা দশক জুৰি মৃত্যুৰ দিশলৈ গতি কৰাৰ মূলতে উদ্যোগটোৰ বিষয়া কৰ্মচাৰী শ্ৰমিক সকললেই দোষী।" বুধবাৰে বি ভি এফ চি এলৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱসত  মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম পেট্ৰকেমিকেলৰ অধ্যক্ষ  বিকুল ডেকাই এইদৰে  মন্তব্য কৰে।  

Advertisment

ঐতিহাসিক পটভূমিত  ২০০২ চন হিন্দুস্তান ফাৰটিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ অন্য ৰাজ্যত অৱস্থিত অসুস্থ ইউনিটৰ পৰা বিভাজিত কৰি নামৰূপস্থিত সাৰ উদ্যোগটোক  ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পৰেচন লিমিটেড  নামেৰে স্বতন্ত্ৰ কোম্পানী গঠন কৰাৰ  দিনটোক বি ভি এফ চি এলে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰে।  তাৰ পৰিপেক্ষিতে বুধবাৰে দিনজোৰা বিস্তৃত কাৰ্য সূচীৰে  আয়োজন কৰা অনুষ্ঠানত  সন্ধিয়াৰ মূল কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থকা অধ্যক্ষ বিকুল ডেকাই কয়    বিগত এটা দশক ধৰি নামৰূপ সাৰ কাৰখানাই এক ভয়ানক সংকটৰ সন্মুখীন হৈ  অপমৃত্যুৰ দিশে গতি কৰিছিল।

সৌভাগ্যবশত উদ্যোগটোত  নতুন চি এম ডি শিৱ প্ৰসাদ মহান্তিয়ে  বাঘ জৰী হাতত লৈ বলিষ্ঠ পৰিচালনাৰ ক্ৰমে সঞ্জীৱনী সঞ্চাৰ কৰি বি ভি এফ চি এলক  দেশৰ ভিতৰতে  অন্যতম সাৰ  উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।  কঠোৰ অনুশাসন আৰু পৰিচালনাৰ  কম সময়ৰ ভিতৰতে বি ভি এফ চি এলক উন্নতিৰ এটা গতি দিবলৈ সক্ষম হৈছে ইয়াৰ প্ৰতিফলন ঘটিছে উদ্যোগটোৰ ভিতৰে বাহিৰে।

ইয়াৰ পিছতে বি ভি এফ চি এলৰ চি এম ডি ডঃ শিৱ প্ৰসাদ মহান্তিয়ে  সকলোকে প্ৰতিষ্ঠা দিৱস শুভেচ্ছা প্ৰদান কৰি কয় যে সোণালী জয়ন্তী গৰকা নামৰূপ সাৰ কাৰখানৰ   ইতিহাসত প্ৰথমবাৰৰ বাবে বি ভি এফ চি এলত ২০২২-২৩ বিত্তীয় বৰ্ষত  বাৰ্ষিক টাৰ্ন অ'ভাৰ ১০৫০ কোটি অতিক্ৰম কৰিছে।  ই আছিল অতি প্ৰত্যাহ্বানমূলক কাম।

চি এম ডি মহান্তিয়ে কয় যে বৰ্তমান  দেশত হেজাৰ কোটি টকা ব্যৱসায় কৰা ২৬০ টা উদ্যোগৰ  ভিতৰত বি ভি এফ চি এলে স্থান দখল  কৰিবলৈ সক্ষম হৈছে । পূৰ্বৰ প্ৰতিকূল অভিলেখ অতিক্ৰম কৰি এই বিত্তীয় বৰ্ষত বিভি এফ চি এলে কেৱল এটা ইউনিটেৰে(তৃতীয় গোট) ২২৩৩৪৩ মেট্ৰিকটন ইউৰীয়া উৎপাদান কৰিবলৈ সক্ষম হয়। 

ইয়াৰ বিপৰীতে ২০২১-২২ বিত্তীয় বৰ্ষত  বি ভি এফ চি এল ৰ উৎপাদন আছিল ১ লাখ ৭০ হেজাৰ মাত্ৰ।  আনহাতে যোৱা ৩টা বিত্তীয় বৰ্ষত ৩০০কোটি টকা  লোকচান ভৰা উদ্যোগটোৰ লোকচান ক্ৰমে হ্ৰাস পাইছে আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত  পৰিচালন লাভ সম্ভৱ হ'ব যদিও সঞ্চিত লোকচান  পৰিপূৰণ কৰা অসম্ভৱ বুলি চি এম ডি মহান্তিয়ে উল্লেখ কৰে।  লগতে চলিত বৰ্ষতে চতুৰ্থ গোট সন্দৰ্ভতো  নামৰূপ বাসীয়ে এক ধনাত্মক বার্তা পাব বুলি  সাংবাদ মাধ্যমক জানিবলৈ দিয়ে। 

তেওঁ লগতে কয় যে বি ভি এফ চি এল ৰ উপাৰ্জন বৃদ্ধিৰ বাবে কেইবাটাও জৈৱিক সাৰৰ প্ৰকল্প স্থাপন কৰাৰ লগতে  দেশৰ পাছ ৰাজ্য উৰিষ্যা, বিহাৰ, কলিকতা, ঝাৰখণ্ড, চত্তীশগড়,লৈ ইউৰীয়াৰ ট্রেডিং ব্যৱসায়  আৰম্ভ কৰিছে বুলি উল্লেখ কৰি  কয় যে শীঘ্ৰেই  কৰ্ণাটক লৈ এই ব্যৱসায় প্ৰসাৰ কৰিব বুলি প্ৰসংগত উল্লেখ কৰে। 

বি ভিএফ চি এলৰ প্ৰশাসনিক আৰু ট্ৰেইনিং অফিচাৰ পংকজ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ  মহা প্ৰবন্ধক  মহম্মদ জাকিৰ,নামৰূপ কেউখন  চাহ বাগিচাৰ পৰিচালক,বি ভি এফ চি এলৰ বিষয়া কৰ্মচাৰীসকল,নামৰূপৰ সংবাদ সেৱীসকল, আৰু বহু  গুণী জ্ঞানী ব্যক্তি উপস্থিত থাকে। 

বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটিত বি ভি এফ চি এলৰ প্ৰতিটো বিভাগৰ শ্ৰেষ্ঠ বিষয়া কৰ্মচাৰীক বঁটা ৰে পুৰস্কৃত কৰা হয় । ইফালে পুৱা বি ভি এফ চি এল  স্থাপনৰ মূল  ব্যক্তি প্ৰয়াত  মোহিনী ফুকনৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ আৰু  বন্তি প্ৰজ্বলন কৰাৰ পিচতে দিনৰ প্ৰায় ১১ বজাত উদ্যোগটোৰ প্ৰশাসনিক ভৱন প্ৰাংগণত বি ভি এফ চি এলৰ পতাকা উত্তোলন কৰে চি এম ডি  ডঃ মহান্তিয়ে। 

উল্লেখযোগ্য যে ডঃ মহান্তিয়ে দায়িত্বভাৰ লোৱাৰ পিছৰ পৰা হে বি ভি এফ চি এলত প্ৰতিষ্ঠা দিৱস উদযাপন পৰম্পৰা আৰম্ভ হৈছে।

Also Read: "ছাৰ মোক ভাল কৰি দিয়ক" : দুৰ্ভগীয়া ছাত্ৰীৰ আহ্বানৰ পাছত কি ক'লে মুখ্যমন্ত্ৰী শৰ্মাই

BVFCL NAMRUP