গ্ৰীচত উপস্থিত নৰেন্দ্ৰ মোডীঃ ৪০ বছৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এই যাত্ৰা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে শুকুৰবাৰে গ্ৰীচত উপস্থিত হয়।

author-image
Asomiya Pratidin
New Update
গ্ৰীচত উপস্থিত নৰেন্দ্ৰ মোডীঃ ৪০ বছৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এই যাত্ৰা

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে শুকুৰবাৰে গ্ৰীচত উপস্থিত হয়। তাত তেওঁ গ্ৰীচৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিব।

Advertisment

প্ৰধানমন্ত্ৰী মোডী দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পৰা গ্ৰীচৰ ৰাজধানীত উপস্থিত হয়। দক্ষিণ আফ্ৰিকাত তেওঁ ১৫ সংখ্যক ব্ৰিকছ সন্মিলনত (ব্ৰিকছ সন্মিলন ২০২৩) অংশগ্ৰহণ কৰে আৰু দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে বিশ্বৰ কেইবাজনো নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ গ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী মোডী গ্ৰীক প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটচোটাকিছৰ আমন্ত্ৰণত মৰ্মে দেশখনত উপস্থিত হয়। তেওঁ কয়, "৪০ বছৰৰ পিছত গ্ৰীচ ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হোৱাৰ বাবে মই সন্মানিত।" ইয়াৰ পূৰ্বে ১৯৮৩ চনত ইন্দিৰা গান্ধীয়ে গ্ৰীচ ভ্ৰমণ কৰিছিল।

Also Read: ইন্দ্ৰানী তহবিলদাৰ কাণ্ডঃ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ

narendra modi