ইন্দ্ৰানী তহবিলদাৰ কাণ্ডঃ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ

ইন্দ্ৰানী তহবিলদাৰ কাণ্ডঃ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ

author-image
Asomiya Pratidin
New Update
ইন্দ্ৰানী তহবিলদাৰ কাণ্ডঃ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ

ডিজিটেল ডেস্কঃ বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ মৃত্যু সন্দৰ্ভত ৰাজ্যপাল গুলাপ চান্দ কাটাৰিয়াক স্মাৰক পত্ৰ প্ৰদান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ। দুৰ্ভাগ্যজনক আত্মহত্যাৰ ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।

Advertisment

স্মাৰক পত্ৰত প্ৰদেশ কংগ্ৰেছে দাবী উত্থাপন কৰি কয় যে, বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ দূৰ্ভাগ্যজনক আত্মহত্যাৰ ঘটনাৰ লগত জড়িত ব্যক্তি সকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

কংগ্ৰেছে কয়, যিবোৰ ঘটনা-পৰিঘটনা আৰু পৰিস্থিতিয়ে প্ৰ‌য়াত বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰক আত্মহত্যাৰ পথ বাছি লোৱাৰ দৰে পৰিস্থিতিৰ সূচনা কৰিছিল তেনে ঘটনা পৰিঘটনা সমূহৰ ওপৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। প্ৰয়াত ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ দৰে পৰিস্থিতিৰ সূচনা কৰা গোচৰত জড়িত বিজেপি দলৰ একাংশ সদস্যৰ গ্ৰেপ্তাৰে ৰাজ্য খনত চলি থকা ধনৰ বিনিময়ত চাকৰি প্ৰদানৰ যি অবৈধ বেহাৰ উন্মোচন কৰিছে তাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে কংগ্ৰেছে।

ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ লগত জড়িত সমগ্ৰ পৰিঘটনাই ৰাজ্যখনৰ মহিলা সকলৰ মৰ্য্যদা আৰু সুৰক্ষাৰ ক্ষেত্ৰত থকা পয়া লগা অৱস্থাকে উদঙাই দিছে বুলি উল্লেখ কৰে স্মাৰক পত্ৰত। সামাজিক মাধ্যমক ব্যৱহাৰ কৰি কিদৰে ব্যক্তি এগৰাকীক নিজৰ জীৱন নাশ কৰি দিয়াৰ দৰে চৰম পথ বাছি ল'বলৈ বাধ্য কৰিব পাৰে সেই কথা প্ৰয়াত ইন্দ্ৰানী তহবিলদাৰৰ নিজৰ দলৰ সদস্যৰ দ্বাৰা সামাজিক মাধ্যমত ফটো ভাইৰেল কৰা কাণ্ডই প্ৰমাণ কৰে আৰু বহু কথাই ভাবিবলৈ বাধ্য কৰে। গতিকে এই ক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰাৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ।

congress