/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9fde0161-bf8c-474b-b1be-df45cb39aaad/AP_FOR_WEB_pm.jpg)
ডিজিটেল ডেস্কঃ ৩ দিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে আমেৰিকালৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰী গৰাকীক আদৰাৰ বাবে আমেৰিকাত প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। এই যাত্ৰাৰ সময়ত মোডীয়ে দ্বিতীয়বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশনত ভাষণ প্ৰদান কৰিব।
মোডীয়ে জ' বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ দ্বাৰা আয়োজিত নৈশ ভোজনত অংশ গ্ৰহণ কৰিব। ইয়াৰ লগতে প্ৰৱাসী ভাৰতীয়কো লগ কৰিব মোডীয়ে। মোডীৰ এই ভ্ৰমণ ঐতিহাসিক হোৱাৰ লগতে আমেৰিকা-ভাৰতৰ মাজৰ সম্পৰ্ক মজবুত কৰিব বুলি আশাবাদী একাংশ।
২১ জুনৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰধানমন্ত্ৰী মোডীৰ আমেৰিকা ভ্ৰমণৰ সময়ত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনৰ সৈতে আলোচনাত মিলিত হ'ব। ইয়াৰোপৰি তেওঁ টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্ককো সাক্ষাৎ কৰিব।
মোডীয়ে এই ভ্ৰমণৰ সময়চোৱাত আমোৰিকাৰ লগত এমকিউ-৯বি ৰিপাৰ ড্ৰোনৰ চুক্তি স্বাক্ষৰ কৰিব। ইয়াৰোপৰি নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ সচিবালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস নেতৃত্ব দিব মোডীয়ে।
মোডীয়ে এই ভ্ৰমণৰ সময়চোৱাত ন'বেল বঁটা বিজেতা, অৰ্থনীতিবিদ, শিল্পী, বিজ্ঞানী, পণ্ডিত, উদ্যোগী, শিক্ষাবিদ, স্বাস্থ্য খণ্ডৰ নেতাসহ স্বাস্থ্য খণ্ডৰ প্ৰায় ২৪ জন লোকক সাক্ষাৎ কৰিব।
চীন ভাৰতৰ বাবে ঘাটক হৈ পৰিছে। দিনে দিনে চীনে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰৰ সৈতে বন্ধুত্ব সম্পৰ্ক বৃদ্ধি কৰা দেখা যায়। গতিকে এই ভ্ৰমণৰ সময়চোৱাত দুই দেশৰ মাজত অস্ত্ৰ-শস্ত্ৰ হস্তান্তৰ হোৱাৰ সম্ভাৱণা আছে।
Also Read: নাজিৰাত ৰে'লৰ খুন্দাত নিহত মহিলা