আজি ৰাষ্ট্ৰীয় একতা দিৱস

আজি ৰাষ্ট্ৰীয় একতা দিৱস

ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰীয় একতা দিৱস। ভাৰতৰ লৌহ মানৱ খ্যাত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে অক্টোবৰ মাহৰ ৩১ তাৰিখটো ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে উদযাপন কৰা হৈ আহিছে ভাৰতবৰ্ষত ।  ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দিৱসৰ শুভাৰম্ভ কৰিছিল।

প্ৰয়াত চৰ্দাৰ বল্লভভাই পেটেল হৈছে দেশৰ প্ৰথম গৰাকী উপ-প্ৰধান মন্ত্ৰী তথা প্ৰথম গৰাকী কেন্দ্ৰীয় গৃহ মন্ত্ৰী । ১৯৪৭ চনৰ পৰা ১৯৫০ চনলৈ গৃহ মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰা পেটেল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা । যি দেশৰ স্বাধীনতা আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ ওপৰিও দেশৰ একতা আৰু সংহতি ৰক্ষাৰ বাবেও যথেষ্ট অৱদান আগবঢ়াইছিল । যাৰ বাবেই নেতা গৰাকীৰ জন্মদিনটো সমগ্ৰ দেশে একতা আৰু সংহতিৰ বাবে ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে পালন কৰি আহিছে।

নেতাগৰাকীৰ স্মৃতিত কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ নৰ্মদা নদীৰ ওপৰত নিৰ্মাণ কৰিছিল পৃথিৱীয় সৰ্বোচ্চ প্ৰতিমূৰ্তিটো। প্ৰায় ৫৯৭ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিৰটোৰ বাবদ ২৭ বিলিয়ন ধন ব্যয় কৰি ২০১৮ চনত মুকলি কৰিছিল দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। 

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মঙলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱাৰ ভাগত 'ৰাণ ফৰ ইউনিটী', 'ৱ'ক ফৰ ইউনিটি' কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হৈছে।পৰৱৰ্তী সময়ত ৰাজ্যত ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ'ব ৰাষ্ট্ৰীয় একতা দিৱস।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in