''পূৰ্বে যিয়ে প্ৰাপ্যৰ পৰা বঞ্চিত হৈছিল সেই সকলক এতিয়া মোডীয়ে চোৱা-চিতা কৰে, পূজা কৰে''

বিধানসভা নিৰ্বাচনৰ ফলাফলে স্পষ্ট কৰি দিছে যে "মোডীৰ গেৰাণ্টি"ৰ ভিত্তি আছে আৰু কিছুমান ৰাজনৈতিক দলে এয়া নুবুজে যে "মিছা প্ৰতিশ্ৰুতি" দি একো লাভ নাই

author-image
Asomiya Pratidin
New Update
''পূৰ্বে যিয়ে প্ৰাপ্যৰ পৰা বঞ্চিত হৈছিল সেই সকলক এতিয়া মোডীয়ে চোৱা-চিতা কৰে, পূজা কৰে''

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে কয় যে শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলে স্পষ্ট কৰি দিছে যে "মোডীৰ গেৰাণ্টি"ৰ ভিত্তি আছে আৰু কিছুমান ৰাজনৈতিক দলে এয়া নুবুজে যে "মিছা প্ৰতিশ্ৰুতি" দি একো লাভ নাই। 'বিকশিত ভাৰত সংকল্প যাত্ৰা'ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ সময়ত মোডীয়ে কয় যে নিৰ্বাচনত জয়ী হোৱাৰ আগতে জনসাধাৰণৰ হৃদয় জয় কৰাটো গুৰুত্বপূৰ্ণ ।

বিৰোধীত কটাক্ষ কৰি মোডীয়ে কয় যে, স্বাৰ্থপৰতাৰ আগত যদি সেৱাক ৰাখিলেহেতেন তেন্তে জনতাই কষ্ট নাপালেহেতন। কিন্তু আমাৰ চৰকাৰ এনে নহয়। আমাৰ চৰকাৰ 'মাই-বাপ' চৰকাৰ নহয়। পিতৃ-মাতৃক সেৱা আগবঢ়োৱা চৰকাৰ। সন্তানে তেওঁৰ পিতৃ-মাতৃক সেৱা কৰাৰ দৰে, এই মোডীয়ে আপোনাৰ সেৱা কৰিবলৈ কাম কৰে।

তেওঁ লগতে কয়, এই মোডীয়ে দৰিদ্ৰ, বঞ্চিত লোকসকলৰ বিষয়ে চিন্তা কৰে। এইলোকসকলৰ কোনোৱে গুৰুত্ব দিয়া নাছিল। যাৰ বাবে কাৰ্যালয়ৰ দুৱাৰ বন্ধ আছিল। সেই লোকসকলৰ মোডীয়ে চোৱা-চিতা কৰাৰ লগতে তেওঁলোকৰ পূজা কৰে। মোৰ বাবে দেশৰ দৰিদ্ৰ লোকসকল ভিআইপি। প্ৰতিগৰাকী মাতৃ, ভগ্নী, কৃষক আৰু যুৱ প্ৰজন্ম ভিআইপি।

প্ৰতিগৰাকী ভোটাৰত মোডীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, বিকশিত ভাৰত সংকল্প যাত্ৰা দৰিদ্ৰ লোকসকলৰ ওচৰলৈ যোৱাৰ এক মাধ্যম। ইয়াৰ দ্বাৰা অতি কম সময়ৰ ভিতৰতে ১.২৫ কোটিৰো অধিক লোক লাভান্বিত হৈছে।

আগতে থকা ভিক্ষাৰ মানসিকতা এতিয়া নাইকিয়া হৈছে। চৰকাৰে দৰিদ্রলোকক চিনাক্ত কৰি তেওঁলোকক লাভান্বিত কৰিছে। সেই বাবে আজি জনতাই কয়, মোডীৰ গেৰান্টি মানে হৈছে গেৰান্টী পূৰণ হোৱাৰ গেৰান্টী।

Also Read: হাওৰাঘাটৰ পূব দীঘাৰুত বিদ্যুৎপৃষ্ট হৈ দুটা হাতীৰ কৰুণ মৃত্যু

Viksit Bharat Sankalp Yatra narendra modi