/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/551e7958-6bdf-4f10-80ac-2cd192c75fa6/mannn.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ,হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত পূব দীঘাৰু আৰু দীঘলীআটি গাঁৱত খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা দুটা হাতী বিদ্যুৎপৃষ্ট হৈ শনিবাৰে পুৱতি নিশা কৰুণ মৃত্যুক আঁকোৱালি লয়। বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যুমুখত পৰা হাতী দুটাৰ ভিতৰত এটা মতা আৰু এটা মাইকী হাতী ।
জানিব পৰা মতে পূব দিখাৰু আৰু দীঘলীআটি গাঁৱৰ খেতি পথাৰত পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে প্ৰায়ে তাণ্ডৱ চলাই এই অঞ্চলসমূহত । বিগত সময়চোৱাত উক্ত ঠাইত খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ গছকত এগৰাকী মহিলাৰ মৃত্যু হৈছিল ।
বিশেষকৈ ধান চপোৱাৰ সময়ত আগমন ঘটে বন্যহস্তীৰ। বন্যহস্তীৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ খেতিয়কে খেতি পথাৰৰ চাৰিওফালে বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰাৰ ফলতেই বন্যহস্তীৰ এই কৰুণ মৃত্যুৰ ঘটনা সংঘটিত হ'বলৈ পালে । চৰকাৰৰ বিয়াগোম বনবিভাগ থকাৰ পিছতো এনেদৰে ঘটনা সংঘটিত হৈ আহিছে । এই সন্দৰ্ভত উচিত পদক্ষেপ গ্ৰহণ কৰিবনে চৰকাৰ অথবা বনবিভাগে ?
Also Read: কন্যাৰ সন্মুখতে মাতৃক দাৰে ঘপিয়াই হত্যা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us