মহাৰাষ্ট্ৰত নিৰ্মাণ হ'ব অসম ভৱন! লাচিত বৰফুকন সন্দৰ্ভত একনাথ সিন্দে ক'লে...

শনিবাৰে অসমত উপস্থিত হয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। এই ভ্ৰমণ চোৱাত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত এক বৈঠকত মিলিত হয়।
eknath shinde
eknath shinde

ডিজিটেল ডেস্ক: শনিবাৰে অসমত উপস্থিত হয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। এই ভ্ৰমণ চোৱাত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত এক বৈঠকত মিলিত হয়।

মুখ্যমন্ত্ৰী সিন্দে এই ভ্ৰমণৰ পাছত এক টুইট যোগে মহাবীৰ লাচিত বৰফুকনৰ প্ৰসংগ উল্লেখ কৰে। লাচিত বৰফুকন সন্দৰ্ভত পাৰ্থ সৰাথি মহন্তৰ দ্বাৰা ৰচিত আৰু অনুুপম খেৰৰ দ্বাৰা আবৃত্তি কৰা কবিতাটি টুইটত সংলগ্ন কৰি সিন্দে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ কথা উল্লেখ কৰে।

সিন্দে লগতে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে মুহাৰাষ্ট্ৰত নিৰ্মাণ কৰা হ'ব অসম ভৱন। লগতে অসমতো নিৰ্মাণ হ'ব মহাৰাষ্ট্ৰ ভৱন। উল্লেখ্য যে সিন্দে পৰিয়ালৰ সৈতে গুৱাহাটীস্থিত কামাখ্যা মন্দিৰো দৰ্শন কৰে।

আৰু পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ঘটনা! দ্বিতীয় মহলাৰ পৰা পৰিল ছাত্ৰ, ICU ত চিকিৎসাধীন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in