মৰিগাঁও নটুৱা গাঁৱত বিত্তীয় স্বাক্ষৰতা সপ্তাহ উপলক্ষে সজাগতা সভা

মৰিগাঁও নটুৱা গাঁৱত বিত্তীয় স্বাক্ষৰতা সপ্তাহ উপলক্ষে সজাগতা সভা

ডিজিটেল সংবাদ,মায়ংঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধীনত চলি থকা বিত্তীয় স্বাক্ষৰতা সপ্তাহ উপলক্ষে বুধবাৰে মৰিগাঁও জিলাৰ চি এফ এল ৰ উদ্যোগত জিলা খনৰ ভুৰবন্ধা উন্নয়ন খণ্ডৰ অধীনস্থ নটুৱা গাঁৱৰ ৰাস মন্দিৰত এখন সজাগতা সভা অনুষ্ঠিত হয়।এল, ডি, এম ৰ মৰিগাঁও জিলাৰ প্ৰবন্ধক নিত্যানন্দ বৈশ্যই আত ধৰা সভাখনত উপস্থিত থাকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সহকাৰী প্ৰবন্ধক প্ৰীতম, আকাশ দ্বীপ, বিক্ৰমজিৎ পেগু,অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিক্ষাবিদ পোণাৰাম নাথ,অৱসৰপ্ৰাপ্ত শিক্ষক সোমেশ্বৰ নাথ,নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া হেমন্ত কুমাৰ বৰুৱা আৰু ভুৰবন্ধা ব্লকৰ চি ,এফ, এল ৰ মেনেজাৰ ধনীৰাম ডেকা।

তেওঁলোকে সভাত উপস্থিত থকা বেংকৰ গ্ৰাহক আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত বিত্তীয় লেনদেন,প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনা,বিভিন্ন ধৰনৰ বেংকৰ আচনি,অচল নোট ৰ প্ৰয়োগ,এ টি এম ৰ সুবিধা অসুবিধা কে ধৰি অন্যান্য দিশবোৰৰ ওপৰত বিস্তৃত ভাবে বক্তব্য আগবঢ়ায়।

ধনীৰাম ডেকাই কয় যে যি বোৰ ঠাইত বেংকৰ সুবিধা নাই,গ্ৰাহকে বেংকৰ সা সুবিধা সমূহৰ কথা বুজি নাপাই তেনে বোৰ অঞ্চলত সজাগতা সভা অনুষ্ঠিত কৰি গ্ৰাহক সকলক সজাগ কৰাই হ'ল চি এল এফ ৰ প্ৰধান কাম। বেংকৰ বিত্তীয় লেনদেন আৰু পেঞ্চন আঁচনি সমূহৰ বিষয়ে ৰাইজক অৱগত কৰে।

আজিৰ সভাখনত উপস্থিত থাকে সাংবাদিক নজৰুল ইছলাম আৰু সহকাৰী ক্ষেত্ৰ প্ৰবন্ধক নয়নজ্যোতি মেধি। আজিৰ সজাগতা সভা খন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষ ভাবে সহযোগ কৰিছে নটুৱা গাঁৱৰ অনিল বৰুৱা যুৱক সংঘ,নটসূৰ্য যুৱক সংঘ আৰু ৰুপজ্যোতি যুৱক সংঘৰ সদস্য সকলে।

মৰিগাঁও নটুৱা গাঁৱত বিত্তীয় স্বাক্ষৰতা সপ্তাহ উপলক্ষে সজাগতা সভা
অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া পদ্মকান্ত কলিতাৰ দেহাৱসান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in