জম্মু-কাশ্মীৰৰ ৭০ বছৰীয়া সপোন অহা কেইটামান বছৰত পূৰণ কৰিমঃ মোডী

 জম্মু-কাশ্মীৰৰ ৭০ বছৰীয়া সপোন অহা কেইটামান বছৰত পূৰণ কৰিমঃ মোডী

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে আগবঢ়ালে প্ৰায় ৩২,০০০ কোটি টকাৰ প্ৰকল্প। মঙলবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে জম্মুত এক বিশাল জনসভা সম্বোধন কৰি এই প্ৰকল্পৰ শুভাৰম্ভ কৰে।

ভাষণৰ সময়তে মোডীয়ে কয় যে জম্মু-কাশ্মীৰৰ সৈতে তেওঁৰ সম্পৰ্ক ৪০তকৈ অধিক বছৰ পুৰণি। তেওঁ এই ঠাইলৈ বহুবাৰ আহিছে। জম্মু-কাশ্মীৰৰ মানুহৰ মৰম তেওঁৰ বাবে ডাঙৰ আশীৰ্বাদ বুলি উল্লেখ কৰি জম্মু-কাশ্মীৰৰ বিকাশৰ কথাও দোহাৰে তেওঁ।

মোডীয়ে কয় যে, জম্মু-কাশ্মীৰত বিকাশ তীব্ৰগতিত হৈ আছে। ইয়াত সংযোগ বৃদ্ধি গৈছে। এতিয়া ইয়াত আইআইটি আৰু আইআইএম আছে, ইয়াৰ পৰাই জম্মু আৰু কাশ্মীৰৰ উন্নয়ন এই কথাৰ পৰা অনুমান কৰিব পাৰি।

পূৰ্বৰ চৰকাৰক কটাক্ষ কৰি মোডীয়ে কয় যে, জম্মু-কাশ্মীৰ পৰিয়ালবাদৰ কবলত পৰিছিল। পৰিয়ালকলৈ ৰাজনীতি কৰাসকলে কেৱল নিজৰ স্বাৰ্থৰ কথা জানে। এনে ধৰণৰ পৰিয়ালকেন্দ্ৰিক চৰকাৰে যুৱ সমাজৰ বাবে একো কৰিব নোৱাৰে। কিন্তু এতিয়া জম্মু-কাশ্মীৰৰ ৭০ বছৰীয়া সপোন পূৰণ হ'ব বুলি মোডীয়ে কয়।

তেওঁ কয় যে, ৭০ বছৰ ধৰি জনতাই দেখি থকা সপোন আহিবলগীয়া কেইটামান বছৰৰ ভিতৰত মোডীয়ে পূৰণ কৰিব। এনে দিন আছিল যেতিয়া জম্মু-কাশ্মীৰৰ পৰা কেৱল হতাশাৰ খবৰ আহিছিল। বোমা, বন্দুক, অপহৰণ, পৃথকীকৰণ, এনে ধৰণৰ ঘটনাৰ দ্বাৰা জম্মু-কাশ্মীৰৰ পৰিস্থিতি দুৰ্ভাগ্যজনক হৈ পৰিছিল কিন্তু আজি জম্মু-কাশ্মীৰ বিকাশৰ সংকল্পলৈ আগবাঢ়িছে।

 জম্মু-কাশ্মীৰৰ ৭০ বছৰীয়া সপোন অহা কেইটামান বছৰত পূৰণ কৰিমঃ মোডী
চিৰাঙৰ ভাৰত-ভূটান সীমান্তত আগছু নেতাৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in