/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/b4761f45-689f-469c-ad59-782515ad1da2/gdfdfgdfg.jpg)
ডিজিটেল সংবাদ, চিৰাং: মঙলবাৰে চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে চিৰাং জিলা আগছুৰ সভাপতি নাৰায়ণ উপাধ্যায়ৰ ৰুণীখাতা বজাৰস্থিত বাসগৃহত এই ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত নাৰায়ণ উপাধ্যায়ৰ এটা বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ বিপৰীতে অন্য কেইখনমান বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয়।
অগ্নিকাণ্ডৰ সূত্ৰপাত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই হোৱা বুলি অনুমান কৰা হৈছে । এই অগ্নিকাণ্ডৰ ঘটনাত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় । আজি ৰুণীখাতাৰ সাপ্তাহিক বজাৰ থকা হেতুকে বজাৰত জনসমাগম যথেষ্ঠ আছিল। জুইৰ লেলিহান শিখা আৰু ধোৱা দেখি বজাৰৰ লোক সকল আতংকিত হৈ পৰে ।
প্ৰথমাৱস্থাত অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰৰ ভিতৰত ৰন্ধন গেছৰ চিলিণ্ডাৰ থকাৰ সন্দেহত ৰাইজে জুই নিৰ্বাপিত কৰাৰ বাবে আগবাঢ়ি অহা নাছিল। পিছত গেছ চিলিণ্ডাৰ নথকাৰ তথ্য নিশ্চিত হোৱাত স্থানীয় লোক আৰু ৰুণীখাতা থানাৰ আৰক্ষীৰ লোকে আগবাঢ়ি গৈ বহু কষ্ট কৰি জুই নিৰ্বাপন কৰি অইন ঘৰদুৱাৰ সমূহ ৰক্ষা কৰিবলৈ সক্ষম হয় ।
তাৰ পিছত কাজলগাঁৱৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত জুই সম্পূৰ্ণ ৰূপে নিৰ্বাপিত কৰে । অগ্নিকাণ্ডৰ সময়ছোৱাত আগছু নেতা নাৰায়ণ উপাধ্যায় বাসগৃহত উপস্থিত নাছিল । অগ্নিকাণ্ডৰ ঘটনাৰ পিছত ৰুণীখাতা অঞ্চলৰ ৰাইজৰ অভিযোগ যে ভাৰত-ভূটান সীমান্ত বৃহত্তৰ ৰুণীখাতা অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীৰ আস্থান নথকাৰ বাবে সামান্য অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হলে ৩০ কিলোমিটাৰ নিলগৰ কাজলগাঁও নাইবা বাসুগাঁৱৰ পৰা বাহন আহিব লাগে ।
ইমান সময়ত জুইত সকলো জাহ যায় ফলত এলেকাৰ ৰাইজ সকলে বিস্তৰ ক্ষতিসাধন হোৱাৰ সন্মুখীন হয়। সেয়ে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা অঞ্চলত অতি সোনকালে এখন অগ্নি নিৰ্বাপক বাহিনীৰ আস্থান স্থাপন কৰাৰ দাবী উত্থাপন কৰে বৃহত্তৰ ৰুণীখাতা অঞ্চলৰ ৰাইজে ।
Also Read: নলবাৰীত চাঞ্চল্য! স্বামীয়ে বিহ খুৱাই হত্যা কৰিলে পত্নী-পুত্ৰক...