কংগ্ৰেছৰ দোকানত কেৱল ভয়, ভোক, আৰু দুৰ্নীতি বিক্ৰী হয়ঃ মোডী

কংগ্ৰেছৰ দোকানত কেৱল ভয়, ভোক, আৰু দুৰ্নীতি বিক্ৰী হয়ঃ মোডী

ডিজিটেল ডেস্কঃ দেশত অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ। দেওবাৰে ৰাজস্থানত জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইণ্ডিয়া মিত্ৰজোটৰ ওপৰত আক্ৰমণ কৰি মন্তব্য কৰে। কংগ্ৰেছ মোহব্বতৰ দুকান বুলি কোৱা কথাষাৰিৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে,  কংগ্ৰেছৰ দোকানত সদায় ভয়, ভোক, আৰু দুৰ্নীতি বিক্ৰী হয়।

মোডীয়ে কয়, প্ৰথম পৰ্যায়ৰ ভোটদানত ৰাজস্থানৰ আধা অংশই কংগ্ৰেছক  শাস্তি প্ৰদান কৰিছে।  দেশপ্ৰেমেৰে পৰিপূৰ্ণ ৰাজস্থানে জানে যে কংগ্ৰেছে কেতিয়াও শক্তিশালী ভাৰত গঢ়িব নোৱাৰে। দেশখনক এনে কংগ্ৰেছ চৰকাৰৰ প্ৰয়োজন নাই। ২০১৪ চনৰ আগতে দেশত যি অৱস্থা আছিল সেয়া আৰু এতিয়া জনতাই নিবিচাৰে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে মই ভাৰতৰ যিটো স্থানতেই গৈছে সকলোতে কেৱল প্ৰতিধ্বনি হৈছে আকৌ এবাৰ মোডী চৰকাৰ। প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে মানুহক ভাবুকি দিছিল।  দলৰ সকলোৱে দেশ লুণ্ঠনত লিপ্ত আছিল। কোনেও প্ৰধানমন্ত্ৰীক গুৰুত্ব দিয়া নাছিল। চৰকাৰ ৰিম'ট কণ্ট্ৰোলৰ দ্বাৰা চলিছিল।  কেবিনেটে গৃহীত কৰা অধ্যাদেশ নিজৰ দলৰ এজন নেতাই সংবাদ মাধ্যমৰ এখন বৈঠক আহ্বান কৰি ভংগ কৰি পেলাইছিল। অস্থিৰতাৰ প্ৰতীক কংগ্ৰেছ দলে  কেনেকৈ দেশ চলাব?

 মোডী কয় যে দিল্লীত বহি থকা তেওঁৰ এই পুত্ৰই (মোডী) প্ৰতিটো পৰিয়ালত ৭০ বছৰৰ অধিক বয়সৰ বৃদ্ধসকলৰ চিকিৎসাৰ বাবে ৫ লাখ টকালৈকে খৰচ বহন কৰিব।  এজন পুত্ৰ হিচাপে মোৰ পিতৃ-মাতৃৰ স্বাস্থ্যৰ যত্ন লোৱাটো মোৰ দায়িত্ব।

 প্ৰধানমন্ত্ৰীয়ে কয় যে এসময়ত ৪০০ জন সাংসদ লাভ কৰা দলটোৱে আজি ৩০০ খন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ সক্ষম হোৱা নাই।  আজি, কংগ্ৰেছৰ চৰ্ত হৈছে যে তেওঁলোকে প্ৰাৰ্থী বিচাৰি পোৱা নাই।  তেওঁলোকে এক সুবিধাবাদী ইণ্ডি মিত্ৰতা গঠন কৰিছে, যাৰ চিলা উৰিব পৰাৰ আগতে কাটি দিয়া হৈছে।

কংগ্ৰেছৰ দোকানত কেৱল ভয়, ভোক, আৰু দুৰ্নীতি বিক্ৰী হয়ঃ মোডী
বিবাহিত পুৰুষে অপহৰণ কৰি লৈ গ'ল কিশোৰীক! আলহী হ'ল ৰঙাঘৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in