বিবাহিত পুৰুষে অপহৰণ কৰি লৈ গ'ল কিশোৰীক! আলহী হ'ল ৰঙাঘৰৰ

বিবাহিত পুৰুষে অপহৰণ কৰি লৈ গ'ল কিশোৰীক!  আলহী হ'ল ৰঙাঘৰৰ

ডিজিটেল সংবাদ, মেৰাপানীঃ নাবালিকাক অপহৰণ কৰি নিয়াৰ অভিযোগত ৰঙাঘৰৰ আলহী হ'ল মেৰাপানীৰ এজন যুৱক। ঘটনা অনুসৰি মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং তৰাণি বিশ্ৰামপুৰৰ নয়নমণি গগৈ নামৰ যুৱকজনে একে গাঁৱৰে এগৰাকী ১৫ বছৰীয়া কিশোৰীক যোৱা ১৮ এপ্ৰিলৰ নিশা অপহৰণ কৰি নিয়া বুলি কিশোৰী গৰাকীৰ পৰিয়ালে মেৰাপানী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল। উক্ত গোচৰৰ ভিত্তিত মেৰাপানী আৰক্ষীয়ে দেওবাৰে অভিযান চলাই যোৰহাট জিলাৰ বৰহোলা গাঁৱৰ অন্তৰ্গত চেনীজানৰ পৰা অপহৰণকাৰী নয়নমণি গগৈক আটক কৰি ভাৰতীয় দণ্ড বিধি আইন ৩৬৬/৩৪২/৫০৬ নম্বৰৰ গোচৰত জেল হাজোতলৈ প্ৰেৰণ কৰে।

মেৰাপানী আৰক্ষীয়ে চেনীজান অঞ্চলত লুকুৱাই ৰখা অৱস্থাত কিশোৰী গৰাকীকো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালে এই ঘটনাক অপহৰণ কাণ্ড বুলি আখ্যা দিয়ে। ইয়াৰ বিপৰীতে আটকাধীন নয়নমণি গগৈৰ পত্নী আৰু মাতৃয়ে দিয়াৰ ভাষ্য অনুসৰি কিশোৰী গৰাকীৰ পিতৃয়ে নয়নমণিৰ সৈতে কোনো ধৰণৰ লেনদেন থকাৰ বাবেই ভুৱা গোচৰত জড়িত কৰাইছে বুলি সদৰি কৰিছে।

ইফালে ধৃত নয়নমণি গগৈয়ে সংবাদ মাধ্যমত দিয়া স্বীকাৰোক্তি অনুসৰি কিশোৰী গৰাকীৰ লগত নয়নমণিৰ প্ৰেমৰ সম্পৰ্ক আছিল। কিশোৰী গৰাকীক পুলৱাই নিনিলে আত্মহত্যাৰ ভাবুকি দিয়াৰ বাবেই দ্বিতীয় বিবাহ কৰাৰ উদ্দেশ্যেই নাবালিকা গৰাকীক লগত লৈ আত্মপোপন কৰি আছিল। অভিযোগ ,প্ৰতিঅভিযোগৰ সমান্তৰালভাৱে কেউতাপক্ষৰে ভাষ্য সলনি হোৱাক লৈ ঘটনাৰ সন্দৰ্ভত অধিক ৰহস্য ঘনীভূত হৈ পৰিছে।

বিবাহিত পুৰুষে অপহৰণ কৰি লৈ গ'ল কিশোৰীক!  আলহী হ'ল ৰঙাঘৰৰ
মনিপুৰত সন্ত্ৰাসবাদীৰ গুলিত নিহত আছাম ৰাইফলছৰ জোৱান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in