মিজোৰামলৈ নাহিল, ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলালে মোডীয়ে...

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত সমাগত। প্ৰতিটো দলেই এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰচাৰ চলাই গৈছে নিৰ্বাচনৰ।

author-image
Asomiya Pratidin
New Update
মিজোৰামলৈ নাহিল, ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলালে মোডীয়ে...

ডিজিটেল ডেস্কঃ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত সমাগত। প্ৰতিটো দলেই এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰচাৰ চলাই গৈছে নিৰ্বাচনৰ।

Advertisment

বাকী ৪ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰত মোডীয়ে প্ৰত্যক্ষ অংশ লয় যদিও মিজোৰামৰ জনতাক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰে মোডীয়ে। দেওবাৰে মোডীয়ে কয় যে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে উত্তৰ-পূবৰ ৰাজ্যসমূহ আৰু দিল্লীৰ মাজৰ ব্যৱধান দূৰ কৰিছে।

তেওঁ কয় যে, ২০১৪ চনৰ আগতে মানুহে উত্তৰ-পূবৰ ৰাজ্য যেনে মিজোৰামক শাৰীৰিক আৰু মানসিক ভাৱে দিল্লীৰ পৰা দূৰত্বত বুলি ভাবিছিল। কিন্তু ২০১৪ চনত এন ডি এ চৰকাৰ শাসনলৈ অহাৰ পিছত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আশা-আকাংক্ষা আৰু প্ৰয়োজনীয়তা পূৰণ কৰি এই ব্যৱধান দূৰ কৰাটোক অগ্ৰাধিকাৰ দি আহিছে।

মোডীয়ে কয়, মিজোৰাম প্ৰকৃতি আৰু সংস্কৃতিৰে উদ্বুদ্ধ এখন ৰাজ্য। ই পৰ্যটন কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে।পৰ্যটনৰ ফলত আন্তঃগাঁথনি উন্নত হোৱাৰ লগতে অন্য দিশতো সহায় কৰে। ইয়ে ৰাজ্য এখনৰ উন্নয়নত সহায় কৰে।

তেওঁ লগতে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ বাবে কাম কৰিছে। ২০১৩-১৪ বৰ্ষলৈকে উত্তৰ-পূবৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ মুঠ দৈৰ্ঘ্য আছিল ১১,০০০ কিলোমিটাৰ কিন্তু এতিয়া ইয়াক ১৬,০০০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে।

৪০ জনীয় সদস্যৰ বাবে ৭ নৱেম্বৰত মিজোৰামত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ ফলাফল আন ৪ খন ৰাজ্যৰ লগতে ৩ ডিচেম্বৰত ঘোষণা হ'ব।

উল্লেখ্য যে, মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষক লৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে একো বিশেষ মন্তব্য আগবঢ়োৱা নাছিল। চৰকাৰখনৰ বিৰুদ্ধে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ লাভ কৰিছিল যদিও জয় লাভ কৰিছিল শাসকীয় দলটোৱে। এতিয়াও মণিপুৰৰ পৰিস্থিতি শাম কটা নাই। একাংশৰ মতে, সম্ভৱত মণিপুৰৰ পৰিস্থিতিৰ বাবেই মোডীয়ে প্ৰচাৰ চলাবলৈ মিজোৰামলৈ নাহিল।

Also Read: সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন, ৭০০০ নাচনীয়ে একেলগে কৃষ্টি প্ৰদৰ্শন কৰিব নাথ-যোগীৰ

narendra modi mizoram