/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/5e4b4fd2-ce25-4f39-8c4d-528200508fb5/fg.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ :- কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাৰ ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত অহা ২৭ , ২৮ আৰু ২৯ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হ'ব সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰিবাৰ্ষিক অধিবেশন । অধিবেশনখন সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ এতিয়াৰে পৰা আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। তদুপৰি অধিবেশনৰ অন্তিম দিনৰ কাৰ্যসূচীত ৭ হাজাৰ নাচনিয়ে একেলগে নাথ-যোগীৰ কৃষ্টি প্ৰদৰ্শন কৰিব ।
এই উপলক্ষে দেওবাৰৰ পৰা ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে নাচনি সকলৰ প্ৰশিক্ষণ । প্ৰখ্যাত শিল্পী , প্ৰশিক্ষক প্ৰলয়া দত্তই নাথ-যোগীৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছে । আজি প্ৰথম পৰ্যায়ত কোকৰাঝাৰ , বঙাইগাঁও , বিলাসীপাৰা , ধুবুৰী আদিৰ পৰা প্ৰায় ১০০০ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।
অধিবেশন উপলক্ষে ইতিমধ্যে বিধায়ক লৰেঞ্চ ইছলাৰীক সভাপতি আৰু ধনঞ্জয় নাথক সম্পাদক হিচাপে লৈ এখন ৫১ জনীয়া আদৰণি সমিতি গঠন কৰা হৈছে বুলি সদৰি কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে । তেওঁ কয় যে উক্ত অধিবেশনত অসমৰ বিভিন্ন জিলাৰ পৰা ৫০০০ নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । উক্ত অধিবেশনত দুখনকৈ মুকলি সভা অনুষ্ঠিত হ'ব আৰু প্ৰথমখন মুকলি সভাত মুখ্য অতিথি হিচাপে ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকিব আৰু অসমৰ বিভিন্ন জাতীয় সংগঠনসমুহৰ নেৰ্তৃবৰ্গ উপস্থিত থাকিব ।
আনহাতে অন্তিম দিন অৰ্থাৎ ২৯ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা , বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আদিকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব । তদুপৰি ২৯ ডিচেম্বৰৰ সাংস্কৃতিক সন্ধিয়াত হাৰ্টথ্ৰব জুবিন গাৰ্গে গান পৰিবেশন কৰিব বুলি সদৰি কৰি অধিবেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে সহায় সহযোগিতা কামনা কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে ।
Also Read: মণিপুৰৰ বিভিন্ন স্থানৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ