সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ অভিযানত নিহত ২ স্থানীয় লোকঃ উত্তপ্ত জম্মু, বন্ধ ইণ্টাৰনেট সেৱা...

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ অভিযানত নিহত ২ স্থানীয় লোকঃ উত্তপ্ত জম্মু, বন্ধ ইণ্টাৰনেট সেৱা...

author-image
Asomiya Pratidin
New Update
বেয়া খবৰঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ অভিযানত শ্বহীদ  ২ সেনা বিষয়াসহ ৫ গৰাকী জোৱান..

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ অভিযানত নিহত ২ স্থানীয় লোকঃ উত্তপ্ত জম্মু, বন্ধ ইণ্টাৰনেট সেৱা...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত জম্মু আৰু কাশ্মীৰৰ কিছু অংশত ইণ্টাৰেনট সেৱা কৰ্তন কৰা হৈছে। পুঞ্চ আৰু ৰাজৌৰী জিলাৰ সীমান্ত অঞ্চলত সেনাই এই আক্ৰমণকাৰী সন্ত্ৰাসবাদীসকলৰ সন্ধান অব্যাহত ৰখাৰ বাবে এইদৰে ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে বুলি জনাইছে যদিও ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ আঁৰত আছে স্থানীয় লোকৰ প্ৰতিবাদ।

Advertisment

উল্লেখ্য, বৃহস্পতিবাৰে জম্মুৰ পুঞ্চ আৰু ৰাজৌৰী জিলাৰ সীমান্তত সেনা দুখন বাহনত হোৱা আক্ৰমণত ৫ জনকৈ সৈনিক ছহিদ হৈছিল। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ এটা শাখা পিপলছ এণ্টি-ফেচিষ্ট ফ্ৰণ্টে (পিএএফএফ)।

সেনাই বুধবাৰে নিশা ডেৰা কি গালিত এক অভিযান আৰম্ভ কৰিছিল। এই অভিযানত অংশ ল'বলৈ দুখন বাহনত ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানসকল ৰাওনা হৈছিল। দুয়োখন বাহন চুৰানকোট আৰক্ষী থানাৰ এলেকাৰ বাফ্লিয়াজৰ পৰা ৰাজৌৰীলৈ গৈছিল।

কিন্তু তাৰ মাজতে বাফ্লিয়াজ আৰু ডেৰা কি গালিৰ মাজৰ পাহাৰীয়া অঞ্চলত গভীৰ অৰণ্যৰ সুযোগ গ্ৰহণ কৰি বিয়লি প্ৰায় ৪.৪৫ বজাত টোপা পীৰ অঞ্চলৰ ওচৰৰ এটা ঠেক পাহাৰীয়া ঠাইত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্মুখীন হয়।

সন্ত্ৰাসবাদীৰ গোট টোৱে সেনাৰ দুয়োখন বাহলৈ লক্ষ্য কৰি গুলী চালনা কৰাৰ লগতে গ্ৰেণেড নিক্ষেপ কৰে। সন্ত্ৰাসবাদীৰ আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে গুলীবিদ্ধ হৈ ছহিদ হোৱা সেনাৰ শিৰচ্ছেদ কৰিছিল সন্ত্ৰাসবাদী কেইটাই।

ইয়াৰ পাছতে এই সন্ত্ৰাসবাদীৰ গোটৰ সন্থানত গোটেই অঞ্চলজুৰি ভাৰতীয় সেনা, চি আৰ পি এফ, ৰাষ্ট্ৰীয় ৰাইফলছ, জম্মু কাশ্মীৰৰ আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই আছে। পাহাৰ, অৰণ্যকে ধৰি কোনো এলেকাক বাদ দিয়া নাই। শুকুৰবাৰে দিনটো এই অভিযান চলিছিল যদিও সন্ত্ৰাসবাদীৰ কোনো সম্ভদ পোৱা নাই। শনিবাৰে পুৱাও এই অভিযান অব্যাহত আছে। জানিব পৰা মতে সেনাই এই অভিযানৰ বাবে হেলিকপ্টাৰো ব্যৱহাৰ কৰিছে।

এনে অভিযানৰ মাজতে আকৌ দুজন স্থানীয় লোকে ভুলবশতঃ সেনাৰ হাতত মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে। ফলত স্থানীয় পুঞ্চ আৰু ৰাজৌৰীৰ লোকসকল ক্ষোভিত হৈ পৰিছে।

জানিব পৰা মতে বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ অভিযানৰ মাজতে সেনা, আৰক্ষীয়ে ৩৬ জনকৈ গাওঁবাসীক আটক কৰিছিল। তাৰ মাজতে দুজন ব্যক্তি ক্ৰমে ৩০ বছৰীয়া ৰেয়াজ আহমেদ আৰু ২৬ বছৰীয়া শৌকত হুছেইনৰ সেনাৰ জিম্মাত মৃত্যু হৈছে। ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিততে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে বুলি জানিব পৰা গৈছে।

Also Read: শিলচৰত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰী আটক...

জম্মু কাশ্মীৰ