ভাৰতৰে এইখন গাঁৱত নিষিদ্ধ মোবাইল ফোন! ব্যৱহাৰ কৰিলে ভৰিব লাগিব জৰিমনা...

সাম্প্ৰতিক সময়ত বৃদ্ধি পাইছে মোবাইল ফোনৰ ব্যৱহাৰ। সৰু লৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ জনলৈ সকলোৱে ব্যৱহাৰ কৰে ফোন।

author-image
Asomiya Pratidin
New Update
ভাৰতৰে এইখন গাঁৱত নিষিদ্ধ মোবাইল ফোন! ব্যৱহাৰ কৰিলে ভৰিব লাগিব জৰিমনা...

ডিজিটেল ডেস্ক: সাম্প্ৰতিক সময়ত বৃদ্ধি পাইছে মোবাইল ফোনৰ ব্যৱহাৰ। সৰু লৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ জনলৈ সকলোৱে ব্যৱহাৰ কৰে ফোন। কিন্তু ইয়াৰ মাজতে এখন গাঁৱত বন্ধ কৰিছে মোবাইল ফোন

Advertisment

মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলৰ য়াৱতমাল জিলাৰ এখন গাঁৱত এক অনন্য সিদ্ধান্ত লোৱা হৈছে। এই গাওঁখনত, ১৮বছৰৰ তলৰ শিশুৰ বাবে মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।

কোভিড-১৯ সংক্ৰমণৰ ফচলত সৰু লৰা ছোৱালীৰ মাজত মোবাইল ফোনৰ ব্যৱহাৰ বৃদ্ধি হৈছিল। অনলাইন অধ্যয়নৰ বাবে মোবাইল ফোন প্ৰায় সকলোৰে হাতত আছিল। কিন্তু প্ৰায়ভাগ এতিয়া শিশুসকল এই ফোনটোৰ প্ৰতি আসক্ত হৈ পৰিছে।

একাংশই অধ্য়য়নৰ পৰা আঁতৰি এতিয়া অনলাইন গেম বা ছ'চিয়েল মিডিয়াত বেছি সময় কটায়। শিশুৰ এই আসক্তি নিৰ্মূল কৰাৰ অভিযানৰ অধীনত, মহাৰাষ্ট্ৰৰ য়াৱতমাল জিলাৰ বংশী নামৰ এখন গাঁৱত বছৰৰ তলৰ কিশোৰ আৰু শিশুৰ বাবে মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।

বংশী গাঁৱৰ এজন জ্যেষ্ঠ নাগৰিকে কৈছে যে যদি শিশুসকলক পৰামৰ্শ দিয়াৰ পিছতো মোবাইল ফোন ব্যৱহাৰ কৰি ধৰা পৰে, তেওঁলোকক ২০০ টকা জৰিমনা বিহা হ'ব। ইয়াৰ উদ্দেশ্য হৈছে শিশুসকলক অধ্যয়নৰ গুৰুত্বটো ঘূৰাই অনা।

উল্লেখ্য যে, গাঁওখনৰ লোক সকলে এই সিদ্ধান্তক আদৰণি জনাইছে।

আৰু পঢ়ক: ড০ হীৰেণ গোহাঁইলৈ অনিবাৰ্য সাংস্কৃতিক গোষ্ঠীৰ বিশেষ উপাধি...

maharashtra mobile phone