ড০ হীৰেণ গোহাঁইলৈ অনিবাৰ্য সাংস্কৃতিক গোষ্ঠীৰ বিশেষ উপাধি...

২৭ নৱেম্বৰ ২০২২ত প্ৰসিদ্ধ পণ্ডিত,চিন্তাবিদ, সমালোচক সাহিত্য জগতৰ কাণ্ডাৰী ড০ হীৰেণ গোহাঁইক সম্বৰ্ধনা জনোৱা হ'ব লগতে আগবঢ়োৱা হ'ব বিশেষ উপাধি।

author-image
Asomiya Pratidin
New Update
বিজেপিৰ জয়ৰ আঁৰত আছিল কোটি কোটি টকাৰ ব্যয়ঃ ডঃ হীৰেন গোহাঁই

ফাইল ফটো

ডিজিটেল ডেস্ক: ২৭ নৱেম্বৰ ২০২২ত প্ৰসিদ্ধ পণ্ডিত,চিন্তাবিদ, সমালোচক সাহিত্য জগতৰ কাণ্ডাৰী ড০ হীৰেণ গোহাঁইক সম্বৰ্ধনা জনোৱা হ'ব লগতে আগবঢ়োৱা হ'ব বিশেষ উপাধি। গুৱাহাটীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা সভাকক্ষ দীঘলীপুখুৰী পাৰত এই সম্বৰ্ধনা সভাৰ আয়োজন কৰা হৈছ। ''অনিবাৰ্য সাংস্কৃতিক গোষ্ঠী টিয়ক'' ৰ দ্বাৰা আয়োজিত অনুষ্ঠানটিত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ'ব।

Advertisment

অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচীত ড০ গোহাঁইক স্বগৃহত আদৰণি আৰু আমন্ত্ৰণ জনোৱা হ'ব।দিনৰ ১১.৩৯ বজাত আৰম্ভ হ'ব সম্বৰ্ধনা অনুষ্ঠান।

অনিবাৰ্য সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা ড০ গোহাঁইলৈ ''প্ৰজ্ঞা সাধক'' উপাধি প্ৰদান কৰা হ'ব। উক্ত দিনটোতেই ড০ গোহাঁইৰ অভিনন্দন গ্ৰন্থও উন্মোচন কৰা হ'ব।

তাৰ পাছতেই ''সাম্প্ৰতিক অসমত বুদ্ধিজীৱীসকলৰ ভূমিকা কেনে হোৱা উচিত'' শীৰ্ষক এক আলোচনা চক্ৰৰ আয়োজন কৰা গৈছে। এই আলোচনাত অংশ গ্ৰহণ কৰিব বিশিষ্ট লেখক তথা চিন্তাবিদ ময়ুৰ বৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অখিল ৰঞ্জন দত্তই।

আৰু পঢ়ক: তিনিদিন ধৰি কাৰ্যালয়ত নাই চৰকাৰী কাৰ্যবাহী অভিযন্তাক, পাছত সন্ধান ওলাল...

assam hiren gohain