অন্ধ্ৰপ্ৰদেশৰ ভোটকেন্দ্ৰত ভোটাৰক প্ৰহাৰ বিধায়কৰ

নিৰ্বাচন চলি থকাৰ মাজতে অন্ধ্ৰপ্ৰদেশৰ এটি ভোটকেন্দ্ৰত সংঘটিত হৈছে অপ্ৰীতিকৰ ঘটনা
অন্ধ্ৰপ্ৰদেশৰ ভোটকেন্দ্ৰত ভোটাৰক প্ৰহাৰ বিধায়কৰ

ডিজিটেল ডেস্ক : দেশৰ ১০খন ৰাজ্যত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৯ৰাজ্য আৰু ১টা কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হৈছে নিৰ্বাচন।

সোমবাৰে নিৰ্বাচন চলি থকাৰ মাজতে অন্ধ্ৰপ্ৰদেশৰ এটি ভোটকেন্দ্ৰত সংঘটিত হৈছে অপ্ৰীতিকৰ ঘটনা।  ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে ঘটনাৰ দৃশ্যাৱলী।

ভোটকেন্দ্ৰটিত ভোটগ্ৰহণ পৰ্ব চলি থকাৰ মাজতে ৱাই আৰ চি পিৰ বিধায়ক শিৱকুমাৰে খঙত অগ্নিশৰ্মা হৈ ভোটাৰক আক্ৰমণ কৰে। জানিব পৰামতে ভোটদানৰ বাবে শাৰীপাতি থকা ভোটাৰ এজনক বিধায়কগৰাকীয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰে।

এই ঘটনা দেশজুৰি ভাইৰেল হোৱাৰ পাছতে ব্যাপকভাৱে চৰ্চিত হৈছে। ইতিমধ্যে ঘটনাকলৈ একাংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছ।

অন্ধ্ৰপ্ৰদেশৰ ভোটকেন্দ্ৰত ভোটাৰক প্ৰহাৰ বিধায়কৰ
আহমেদাবাদত আজি কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখত গুজৰাট টাইটানছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in