তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে অল্টো বাহন, মৃত্যু সাংবাদিকৰ

তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে অল্টো বাহন, মৃত্যু সাংবাদিকৰ

ডিজিটেল ডেস্কঃ মহানগৰীৰ ধাৰাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। শনিবাৰে হোৱা পথ দুৰ্ঘটনাত এজনলোক নিহত হোৱাৰ লগতে আন ৩জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি তীব্ৰবেগত অহা শিল ভৰ্তি ডাম্পাৰ এখন বাগৰি পৰে অল্টো বাহন এখনৰ ওপৰত। ঘটনাটোৰ ফলত চুৰ্ণ -বিচুৰ্ণ হৈ পৰে অল্টো বাহনখন। ইয়াৰ ফলত প্ৰথম অৱস্থাত ৪ জন লোক আহত হয় আৰু পৰৱৰ্তী সময়ত প্ৰাণ হেৰুৱাই এজনে।

দুৰ্ঘটনাত নিহত হোৱা লোকজন সাংবাদিক পাৰ্থ প্রতীম দাস। মিৰ্জাৰ সংবাদকৰ্মী আছিল পাৰ্থ প্রতীম দাস।

আহত কেইজনক ইতিমধ্যে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাতপতিত ডাম্পাৰখনৰ নম্বৰ AS-01-FC-2742 আৰু অল্টো বাহনখনৰ নম্বৰ AS-01-AV-9673 । ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

এই ঘটনাৰ ফলত বিমানবন্দৰ অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথচোৱা কিছু সময়ৰ বাবে বন্ধ হৈ পৰে।

তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে অল্টো বাহন, মৃত্যু সাংবাদিকৰ
গুৱাহাটীত আৰোহণ আৰ্টিষ্ট গীল্ডৰ প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in