গুৱাহাটীত আৰোহণ আৰ্টিষ্ট গীল্ডৰ প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান

গুৱাহাটীত আৰোহণ আৰ্টিষ্ট গীল্ডৰ প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত আৰোহণ আৰ্টিষ্ট গীল্ডৰ প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান

ডিজিটেল সংবাদ,গুৱাহাটী : শিক্ষা,সাহিত্য,সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান "আৰোহণ আৰ্টিষ্ট গীল্ড"ৰ উদ্যোগত যোৱা ২২ টা বৰ্ষৰ দৰে এইবাৰো গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তৰ কেইজনমান প্ৰতিভাধৰ ব্যক্তিক ৰাইজৰ অনুসন্ধানৰ ভিত্তিত তেওঁলোকৰ কৰ্মৰাজিক সন্মান জনোৱাৰ উদ্দেশ্যে "আৰোহণ বঁটা" প্ৰদান কৰা হয়।

Advertisment

উল্লেখযোগ্য যে মঙ্গলদৈ নিবাসী অশোক কুমাৰ ভাৰ্গৱ,ভবেন বৰ্মন আৰু ওৰাঙৰ ধৃতিমান বৰুৱালৈ আৰোহণ সমাজ হিতৈষী বঁটা,তিনিচুকীয়া জিলাৰ কলেজ ৰ'ড নিবাসী বিশিষ্ট সমাজকৰ্মী সঞ্জীৱ বড়ালৈ আৰোহণ সামাজিক সমন্বয় বঁটা,গোৱালপাৰাৰ বিশিষ্ট শিক্ষাবিদ- লেখক ছজিমুদ্দিন আহমেদ আৰু কামৰূপ জিলাৰ দলৈতলাৰ চামচুল আলীলৈ আৰোহণ শৈক্ষিক সমন্বয় বঁটা প্ৰদান কৰা হয়।

আনহাতে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উপ সঞ্চালিকা মৈত্ৰেয়ী দাসক আৰোহণ পৰিৱেশ সমন্বয় বঁটা, গুৱাহাটী নিবাসী ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ৰবীন কুমাৰ বৈশ্যলৈ আৰোহণ ক্ৰীড়া সমন্বয় বঁটা,বিশ্বনাথ চাৰিআলিৰ চতিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শামল জ্যোতি শইকীয়া আৰু ওৰাং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতালৈ আৰোহণ প্ৰশাসনিক সমন্বয় বঁটা, ধুবুৰী জিলাৰ কৃপাসিন্ধু সৰকাৰলৈ আৰোহণ সমাজ সেৱা বঁটা, কামৰূপ জিলাৰ আমিনগাৱৰ অনুশ্ৰেয়া কলিতালৈ আৰোহণ শিশু শিল্পী সাধনা বঁটা আৰু হাজো ক্ষুদ্ৰ দধি(গেৰুৱা)ৰ বলোৰাম মালাকৰলৈ আৰোহণ কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়।

ইফালে কমলপুৰ সোনেশ্বৰৰ শৰৎ কুমাৰ কলিতালৈ আৰোহণ সমাজ-সাংস্কৃতিক সমন্বয় বঁটা, গুৱাহাটী নিবাসী দেৱান ৰিয়াজুল ইছলামলৈ আৰোহণ সামাজিক - ৰাজনৈতিক সমন্বয় বঁটা, গোৱালপাৰা জিলাৰ আগিয়াৰ ৰাজীৱ শৰ্মালৈ সদৌ অসম শিল্পী সাহিত্যিক-সাংবাদিক সুৰক্ষা মঞ্চৰ তৰফৰ পৰা সামাজিক সমন্বয় বঁটা , শোণিতপুৰ জিলাৰ চিৰাজুলিৰ সুজিৎ কটকীলৈ আৰোহণ সাহিত্য-সাংস্কৃতিক-সংবাদ-সামাজিক সমন্বয় বঁটা আৰু বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যক ড০ৰোহিত চন্দ্ৰ ৰাভালৈ আৰোহন সাহিত্য ৰত্ন বঁটা, গুৱাহাটী নিবাসী ইন্দ্ৰেশ্বৰ নাথলৈ আৰোহণ সাহিত্য বঁটা, বাক্সা জিলাৰ বনিয়াকুছিৰ নয়নমনি চৌধুৰীলৈ আৰোহণ সাহিত্য সমন্বয় বঁটা, শিৱসাগৰ জিলাৰ ডিমৌৰ বিশিষ্টা অভিনেত্ৰী বিজুমণি চুতীয়ালৈ আৰোহণ শিল্পী বঁটা, পাঠশালাৰ বিশিষ্ট সমাজ- সাংস্কৃতিক তথা সংবাদ কৰ্মী ভূপেশ খাটনিয়াৰলৈ আৰোহণ সাংস্কৃতিক সমন্বয় বঁটা আগবঢ়োৱা হয়।

ইয়াৰোপৰি গুৱাহাটী নিবাসী বিশিষ্ট কৰিঅ'গ্ৰাফাৰ তথা সাংস্কৃতিক কৰ্মী নৌচাদ আলীক শিল্পী সম্বৰ্ধনা জনোৱা হয়। আৰোহণ আৰ্টিষ্ট গীল্ডৰ সভাপতি তথা সদৌ অসম সাংবাদিক সন্থাৰ কামৰূপ জিলা সমিতিৰ সভাপতি দিলীপ নাথে আঁত ধৰা অনুষ্ঠানত প্ৰথমতে পাঠশালাৰ বিশিষ্ট সমাজকৰ্মী সুবোধ চৌধুৰী সোঁৱৰণী মঞ্চত তেওঁৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰা হয়। উদ্বোধন কৰে বৰপেটা জিলাৰ মন্দিয়া কলেজৰ অৱসৰী অধ্যাপিকা তথা প্ৰয়াত সুবোধ চৌধুৰীৰ সহধৰ্মিনী প্ৰতিভা চৌধুৰীয়ে ।

অনুষ্ঠানত বিশিষ্ট সাহিত্যিক জগদীশ পাটগিৰি, প্ৰাগজোতিষ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড০ ৰঞ্জিৎ দাস, অসমজ্যোতিষ ৰত্ন বঁটা প্ৰাপক ড০ নৰেন্দ্ৰ নাথ শৰ্মা,সদৌ অসম সাংবাদিক সন্থাৰ উপ-সভাপতি তৰুণ চন্দ্ৰ ডেকা, সদৌ অসম শিল্পী সাহিত্যিক সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি হেমন্ত দাস আৰু সাংস্কৃতিক কৰ্মী ক্ষিৰোজ মেধিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

Also Read: 'কা' বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

Artists Guild award