/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ad927028-43d7-4c1d-a64c-ec389746f6a3/rttte.jpg)
ডিজিটেল ডেস্কঃ প্ৰেমিকৰ সন্মুখতে কিশোৰীক দলবদ্ধ ধৰ্ষণ যুৱকৰ। দেওবাৰে সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে জনোৱা অনুসৰি ৰাজস্থানৰ যোধপুৰত এগৰাকী কিশোৰীক তেওঁৰ প্ৰেমিকৰ সন্মুখত তিনি যুৱকে দলবদ্ধ ধৰ্ষণ কৰে।
কিশোৰী গৰাকী আৰু প্ৰেমিক শনিবাৰে আজমেৰৰ পৰা পলাই গৈ যোধপুৰত উপস্থিত হৈছিল। তেওঁলোকে নিশা কটাবলৈ অতিথিশালালৈ গৈছিল। কিন্তু কৰ্তৃপক্ষই বেয়া ব্যৱহাৰ কৰাৰ বাবে তাৰ পৰা দুয়ো গুচি গৈছিল।
যেতিয়া কিশোৰী আৰু যুৱকজনে অতিথিশালাৰ বাহিৰত থিয় দি আছিল তেতিয়া তিনিজন অভিযুক্ত - সমাণ্ডাৰ সিং, ধৰমপাল সিং আৰু ভাটম সিঙে তেওঁলোকৰ ওচৰলৈ গৈছিল আৰু থকা ঠাই বিচাৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দেওবাৰে পুৱতি নিশা ৪ বজাত অভিযুক্তই দুয়োকে অন্য ঠাইলৈ লৈ যায়। আৰু তাতেই কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে যুৱকজনকো অত্যাচাৰ কৰে।
পুৱা যেতিয়া দুই প্ৰেমিক প্ৰেমিকাই বাটৰুৱাৰ সহায় বিচাৰে তেতিয়া তাত আৰক্ষী উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰে। লগতে গ্ৰেপ্তাৰ কৰে ৩ অভিযুক্তক । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।