স্থানীয় চেনেল সমূহে কৰিব লাগিব মাল্টি চিষ্টেম অপাৰেটৰত পঞ্জীয়ন...

স্থানীয় চেনেল সমূহে কৰিব লাগিব মাল্টি চিষ্টেম অপাৰেটৰত পঞ্জীয়ন...

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে এক নতুন নিৰ্দেশনা । মাল্টি চিষ্টেম অপাৰেটৰ চাৰ্ভিছে প্লেটফৰ্ম চাৰ্ভিছ সমূহলৈ আগবঢ়োৱা সেৱাৰ ক্ষেত্ৰত জাৰী কৰা হৈছে এই নিৰ্দেশনা ।

কেবল টেলিভিছন নেটৱৰ্ক আইন ১৯৯৪ ৰ অনুসৰি, মাল্টি চিষ্টেম অপাৰেটৰ সমূহে গ্ৰাহকলৈ তেওঁলোকৰ প্ৰ'গ্ৰামিং সেৱা প্ৰেৰণ কৰিছিল স্থানীয় এক বা একাধিক অপাৰেটৰ জৰিয়তে । এই ব্যৱস্থাক কোৱা হৈছিল 'প্লেটফৰ্ম চাৰ্ভিছ' অথবা পিএচ বুলি । এই ব্যৱস্থাত স্থানীয় চেনেল সমূহ অন্তৰ্ভুক্ত হৈ থাকে যাৰ জৰিয়তে চেনেল সমূহে প্ৰকাশ কৰে একচেটিয়া প্ৰ'গ্ৰামিং সেৱা ।

এতিয়াৰে পৰা এনে চেনেল সমূহে পৰৱৰ্তী প্ৰ'গ্ৰামিং সেৱাৰ বাবে কৰিব লাগিব পঞ্জীয়ন । চেনেলসমূহে মাল্টি চিষ্টেম অপাৰেটৰ তথা _ পৰ্টে'লত আই. এম. বি.ৰ সৈতে তেওঁলোকৰ প্লেটফৰ্ম চাৰ্ভিছসমূহক পঞ্জীয়ন কৰাবৰ বাবে আবেদন কৰিব লাগিব সম্পূৰ্ণ নিয়মাৱলী পালন কৰি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in