প্ৰসূতিৰ মৃত্যুত দেশৰ শীৰ্ষত অসম...

প্ৰসূতিৰ মৃত্যুত দেশৰ শীৰ্ষত অসম...

ডিজিটেল ডেস্ক : ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ কথা ঢাক-ঢোল পিটি প্ৰচাৰ কৰি থকা সময়তেই প্ৰকাশ পালে আন এক প্ৰতিবেদন । দেশৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে ২০১৮-২০২০ বৰ্ষৰ বাবে মুকলি কৰা এই প্ৰতিবেদনত প্ৰসূতি মৃত্যুৰ যি তথ্য প্ৰকাশ কৰিছে, তাত উল্লেখ থকা অনুসৰি প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ শীৰ্ষত অসম ।

উল্লেখ্য যে, ২০১৮-২০ বৰ্ষত অসমত প্ৰসূতি মৃত্যুৰ অনুপাত হ'ল ১৯৫, যিটো ৰাষ্ট্ৰীয় অনুপাতৰ তুলনাত দুগুণতকৈও অধিক । ৰাষ্ট্ৰীয় অনুপাত হৈছে ৯৭ । আনহাতে, অসমৰ পিছতে স্থান লাভ কৰিছে মধ্যপ্ৰদেশ(১৭৩), উত্তৰ প্ৰদেশ (১৬৭), ছত্তীশগড় (১৩৭), ওড়িশা (১১৯), বিহাৰ (১১৮), ৰাজস্থান (১১৩), হাৰিয়ান (১১০), পঞ্জাৱ (১০৫), পশ্চিমবংগ (১০৩) । কেৱল এই ৰাজ্য কেইখনতে প্ৰসূতি মৃত্যুৰ অনুপাত শতকৰ ঘৰ স্পৰ্শ কৰাৰ বিপৰীতে আন সকলো ৰাজ্যত এই অনুপাত দশকৰ ঘৰতে সীমাবদ্ধ হোৱা দেখা গৈছে ।          

এতিয়া প্ৰশ্ন হয়, ৰাজ্যখনত সততে প্ৰসূতি তথা সন্তানৰ সুস্বাস্থ্যৰ বাবে আচনিৰ কথা উল্লেখ কৰি অহা প্ৰশাসনে কেন্দ্ৰীয় প্ৰতিবেদন সম্পৰ্কত কি উত্তৰ দিব নাগৰিকক ? স্বাস্থ্যখণ্ডৰ উন্নয়নৰ কথা কৈ অহা প্ৰশাসনে প্ৰসূতি মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ সক্ষম হ'বনে ? নে কেৱল সংবাদ মেলতেই আৱদ্ধ হৈ ৰ'ব এই প্ৰতিবেদন ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in