ঘৰতে থাকি লাখ টকা উপাৰ্জন কৰিব বিচাৰে নেকি? ভুলতো নকৰিব এই ভুল...

ঘৰতে থাকি লাখ টকা উপাৰ্জন কৰিব বিচাৰে নেকি? ভুলতো নকৰিব এই ভুল...
ঘৰতে থাকি লাখ টকা উপাৰ্জন কৰিব বিচাৰে নেকি? ভুলতো নকৰিব এই ভুল...

ডিজিটেল ডেস্কঃ ঘৰতে বহি উপাৰ্জন কৰাৰ কাৰ ইচ্ছা নাথাকে? ঘৰত বহি বহিয়েই যদি উপাৰ্জন কৰাৰ সুযোগ কোনোৱে লাভ কৰে সেই সুযোগ নিশ্চয় অধিকাংশ লোকেই গ্ৰহণ কৰাৰ লোভ সামৰিব নোৱাৰিব।

সেয়ে পূৰ্বৰে পৰা একাংশই ঘৰতে বহি উপাৰ্জন কৰাৰ সুবিধাৰ কথা বিজ্ঞাপন আকাৰে প্ৰচাৰ কৰি আহিছে। আৰু এয়াই এতিয়া বহুতৰ বাবে কাল হৈ পৰিছে। ঘৰতে বহি উপাৰ্জন কৰাৰ লোভৰ বাবেই বহুতে হেৰুৱাইছে স্বৰ্বচ্ছ। যাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে (Ministry of Home Affairs) গ্ৰহণ কৰিবলৈ বাধ্য হৈছে কঠোৰ সিদ্ধান্ত।

সলনি হৈছে ঘৰতে বহি উপাৰ্জন কৰাৰ বিজ্ঞাপন, বৃদ্ধি হৈছে প্ৰৱঞ্চনা

পূৰ্বে পথৰ দাঁতিত কাগজত ঘৰতে বহি উপাৰ্জন কৰক বুলি লিখা বিজ্ঞাপন মানুহৰ মাজত বিতৰণ কৰা হৈছিল। কাগজত তাৰ বাবে যোগাযোগৰ বাবে লিখি দিয়া হৈছিল কেইবাটাও মোবাইল নম্বৰ।

কিন্তু এতিয়া সময় সলনি হ'ল। সামাজিক মাধ্যমৰ জনপ্ৰিয়তাই আকাশ স্পৰ্শ কৰাৰ সময়ত এতিয়া বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে ঘৰতে বহি উপাৰ্জন কৰাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে।

বহুতেই এনে বিজ্ঞাপনৰ চমকত, ঘৰতে বহি উপাৰ্জন কৰাৰ সুযোগ লাভৰ আশাত ভাৰ্ছুৱেলীয়েই ভৰি থৈছে প্ৰবঞ্চকৰ জালত। ঘৰতে বহি উপাৰ্জন কৰাৰ লালসা দি এতিয়া একাংশই প্ৰবঞ্চনাৰ জাল মেলিছে।

সামাজিক মাধ্যমৰ জৰিয়তে বিয়পিছে প্ৰৱঞ্চনাৰ জাল

ইণ্টাৰেনেটৰ দ্ৰুত সম্প্ৰসাৰণৰ লগে লগে সামাজিক মাধ্যমৰ জনপ্ৰিয়তাও বৃদ্ধি হৈছে। ইয়াৰ সমান্তৰালকৈ বৃদ্ধি পাইছে বহু ছাইবাৰ অপৰাধ। বিশেষকৈ ইণ্টাৰনেটৰ মাধ্যমেৰেই এতিয়া একাংশই আৰ্থিক প্ৰতাৰণাত লিপ্ত হৈছে।

বিভিন্ন ৱেবচাইট নিৰ্মাণ কৰি প্ৰৱঞ্চকে সেইবোৰৰ প্ৰতি মানুহক আকৰ্ষিত কৰিছে। প্ৰচাৰ কৰিছে চকুতলগাকৈ আকৰ্ষণীয় বিজ্ঞাপন। ফলত সহজ ধনৰ আশাত বন্দী হৈ এনে প্ৰৱঞ্চকৰ জালত ভৰি দিছে বহুজনে। ফলশ্ৰুতিত হেৰুৱাইছে সাঁচতীয়া ধন।

কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে 'ব্লক' কৰিলে ১০০ টা এনে ৱেবচাইট

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ঘৰতেই বহি উপাৰ্জন কৰাৰ নামত ভুৱা বিজ্ঞাপন প্ৰচাৰ কৰা একাধিক ভুৱা ৱেবচাইট চিনাক্ত কৰিছে। এনে প্ৰায় ১০০ টা ৱেবচাইট 'ব্লক' কৰিছে কেন্দ্ৰীয় চৰকাৰে।

এই বিষয়ে জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে। ইয়াৰোপৰি গৃহ মন্ত্ৰণালয়ে এনে ভুৱা ৱেবচাইটৰ প্ৰৱঞ্চনাৰ জালত ভৰি নিদিবলৈ জনসাধাৰণৰ সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে।

গৃহমন্ত্ৰণালয়ে প্ৰকাশ কৰিছে বিবৃ্ত্তি

বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এক বিবৃত্তি প্ৰকাশ কৰি কৈছে, বিভিন্ন ধৰণৰ আৰ্থিক প্ৰতাৰণাৰে যুক্ত বহু ৱেবচাইট চিনাক্ত কৰা হৈছে। বিভিন্ন সামাজিক মাধ্যম মেচেঞ্জাৰ, হোৱাটছএপ, টেলিগ্ৰাম আদিৰ জৰিয়তে আৰ্থিক প্ৰৱঞ্চনাত লিপ্ত হোৱা অভিযোগেৰে অভিযুক্ত সকলো ৱেবচাইটৰ সন্ধান কৰিছে কেন্দ্ৰীয় চৰকাৰ।

ইতিমধ্যে এনে ১০০ ৰো অধিক ৱেবচাইট ব্লক কৰিছে কেন্দ্ৰই। এক বিবৃত্তিত কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে যে, এনে অনলাইন ভিত্তিক আৰ্থিক প্ৰতাৰণা কাণ্ডসমূহৰ সৈতে বৃহৎ চক্ৰ জড়়িত হৈ আছে।

তেওঁলোকে দেশৰ ক্ৰিপ্ট কাৰেন্সি, এ টি এমৰ মাধ্যমেৰে প্ৰতাৰণাত লিপ্ত হৈছে। ইয়াৰোপৰি কোৱা হৈছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ছাইবাৰ প্ৰতাৰণা, ছাইবাৰ অপৰাধৰ পৰা নাগৰিকক ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় গৃহ বিভাগ সদায়েই সচেতন।

ঘৰতে বহি উপাৰ্জন কৰক জাতিয় বিজ্ঞাপনক বিশ্বাস কৰাৰ আগতে ভালকৈ পৰীক্ষা কৰাৰো আহ্বান কৰিছে কেন্দ্ৰই।

এইদৰে মেলে প্ৰৱঞ্চনাৰ জাল

গৃহ বিভাগে কৈছে, যেতিয়া কোনোবাই গুগল, মেটা আদিত ঘৰতে বহি উপাৰ্জন কৰক জাতিয় বিজ্ঞাপনবোৰ প্ৰত্যক্ষ কৰে আৰু সঁহাৰি দিয়ে তেতিয়াই প্ৰৱঞ্চকৰ দলটোৱে ব্যক্তি এজনক লক্ষ্য কৰি লয়। ইয়াৰ পাছতে প্ৰথমে টেলিফোনৰ জৰিয়তে অথবা মেচজৰ জৰিয়তে কথা পাতি বিশ্বাস আদায় কৰে।

ইয়াৰ পাছতে সামাজিক মাধ্যমৰ জৰিয়তেই কোনো ভিডিঅ' বা ফটো লাইক কৰিবলৈ নিৰ্দেশনা দিয়া হয়। লগতে তেওঁক এইটোও কোৱা হয়, আন আন ব্যক্তিকো তেনেদৰে লাইক কৰোৱাবলৈ।

ইয়াৰোপৰি সেই নিৰ্দিষ্ট এপটোত ৫ টা তৰাৰ ৰেটিং দিবলৈ কোৱা হয়। এপটোৰ বিষয়ে একো ভালকৈ নজনা স্বত্বেও ঘৰতে বহি উপাৰ্জন কৰাৰ লোভত এপটোক প্ৰশংসা কৰিও দুশাৰী বাক্য লিখিবলগীয়া হয়।

এনে কৰাৰ ফলত প্ৰৱঞ্চনাৰ জাল পেলোৱা এই এপটোৰ বিশ্বাসযোগ্যতা আনৰ সন্মুখত বৃদ্ধি হয় আৰু জনপ্ৰিয়তা বৃদ্ধি পায়। ইয়াৰোপৰি এই এপটোৰ জৰিয়তে এনে কিছুমান ভুৱা ব্যক্তিৰ সৈতে সংযোগ কৰাই দিয়া হয়, যিসকলে ঘৰতে বহি ইতিমধ্যে বহু টকা উপাৰ্জন কৰা বুলি পতিয়ন নিয়াবলৈ সক্ষম হয়।

তাৰ পাছতেই আৰম্ভ হয় প্ৰৱঞ্চনাৰ প্ৰকৃত খেলখন। এপ ব্যৱহাৰকাৰীৰ পৰা যিকোনো অজুহাত দেখুৱাই আদায় কৰি লয় এটা নিৰ্দিষ্ট পৰিমাণৰ ধন। বা এপটোৰ সৈতে বেংকৰ সবিশেষ তথ্য সংগ্ৰহ কৰি প্ৰৱঞ্চনাৰে একাউণ্টত থকা সকলো ধন উলিয়াই নিয়ে এই চক্ৰটোৱে।

গৃহিনী, নিবনুৱা অৱসৰী লোকসকল সাৱধান

কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ বিবৃতি অনুসৰি এই প্ৰৱঞ্চক চক্ৰটোৰ প্ৰথম লক্ষ্য গৃহিনী। তাৰোপৰি নিবনুৱা যুৱক-যুৱতী, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আদিও তেওঁলোকৰ চিকাৰ হৈ পৰে। সেয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে এনে প্ৰৱঞ্চকৰ পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনাইছে।

অনলাইন মাধ্যমেৰে অজ্ঞাত কোনো লোকলৈ ধন প্ৰেৰণ কৰাৰ পূৰ্বে সকলো তথ্য পৰীক্ষা কৰিবলৈও কোৱা হৈছে।

ঘৰতে থাকি লাখ টকা উপাৰ্জন কৰিব বিচাৰে নেকি? ভুলতো নকৰিব এই ভুল...
এছিয়াৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ সন্মান আৰ্চাৰ শীতল দেৱীলৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in