/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9cbe879f-c7a4-4c7c-9447-2f86db8ba00c/sheetal_devi_5.jpg)
এছিয়াৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ সন্মান আৰ্চাৰ শীতল দেৱীলৈ...
ডিজিটেল ডেস্কঃ এছিয়াৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈ হিচাপে মনোনীত হৈছে ভাৰতৰ তৰুণ আৰ্চাৰ শীতল দেৱী (Sheetal Devi)। ২০২২ ৰ পেৰা এছিয়ান গেমছত দুটাকৈ সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম ১৬ বছৰীয়া এই কিশোৰী গৰাকীয়েই হৈছে প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ যি এই সন্মানৰ বাবে মনোনীত হৈছে।
পেৰা এছিয়ান গেমছত পাইছে দুটাকৈ সোণ
চলিত বছৰতে চীনৰ হাংজৌ চহৰত অনুষ্ঠিত হৈ যোৱা পেৰা এছিয়ান গেমছ ২০২২ (Asian Para Games) ত শীতল দেৱীয়ে ২ টাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ব্যক্তিগত আৰু দলীয় শাসাত অৰ্জন কৰিছিল এই দুটা সোণৰ সোণৰ পদক।
ইয়াৰোপৰি তেওঁ প্ৰতিযোগিতাখনত কম্পাউণ্ড ডাৱলছ শাখাত ৰূপৰ পদক লাভ কৰিছিল।
প্ৰস্তুতি চলাইছে অলিম্পিকৰ বাবে
২০২২ পেৰা এছিয়ান গেমছত ভৰিৰে তীৰ নিক্ষেপ কৰি দুটাকৈ সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা শীতলে ২০২৪ ৰ পেৰা অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছে।
এনে প্ৰস্তুতিৰ মাজতে তেওঁলৈ এই সন্মান আগবঢ়োৱাত মনোবল দুগুণে বৃদ্ধি পাইছে।
প্ৰতি দুবছৰৰ মূৰে মূৰে দি আহিছে এই সন্মান
শীতল দেৱীক এছিয়াৰ শ্ৰেষ্ঠ পেৰা খেলুৱৈৰ হিচাপে বঁটা প্ৰদান কৰিব এছিয়ান পেৰা অলিম্পিক সমিতিয়ে। তেওঁলোকে প্ৰতি দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰি আহিছে।
এইবাৰ তেওঁলোকে চতুৰ্থবাৰৰ বাবে এই সন্মান প্ৰদান কৰিব। শীতল দেৱী একমাত্ৰ ভাৰতীয় যিয়ে এই সন্মানৰ বাবে মনোনীত হৈছে।
বিশ্ব ৰেংকিঙৰ শীৰ্ষত শীতল
২০২২ চনৰ পৰাই দুৰ্দান্ত ফৰ্ম অব্যাহত থকা শীতল কেৰিয়াৰৰ শীৰ্ষ পৰ্যায়ত উপনীত হৈছে। পেৰা বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক অৰ্জন কৰাৰ পাছতে এছিয়ান পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপতো দ্বিতীয় স্থান অধিকাৰ কৰিছিল।
এই দুই মেগা ইভেণ্টত দেখুওৱা প্ৰদৰ্শনৰ বাবেই তেওঁ বিশ্ব ৰেংকিঙত প্ৰথম স্থান অধিকাৰ কৰিছে। কম্পাউণ্ড ৰাউণ্ডত তেওঁ বিশ্ব শ্ৰেষ্ঠ হোৱাৰ পাছতেই এছিয়াৰ শ্ৰেষ্ঠ যুৱ ক্ৰীড়াবিদৰ দৰে সন্মান তেওঁলৈ আগবঢ়োৱা হৈছে।
মাত্ৰ দুবছৰতে পালে এই সফলতা
এটাসময়ত ক্ৰীড়াবিদ হোৱাৰ সপোন দেখা শীতল দেৱীৰ। দুয়োখন হাত নথকা এই যুৱ খেলুৱৈগৰাকীয়ে ভৰিৰেই আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। ১৪ বছৰ বয়সত প্ৰথমে আৰ্চাৰীৰ চৰ্চা আৰম্ভ কৰিছিল জম্মু কাশ্মীৰৰ এই কিশোৰীগৰাকীয়ে।
দৃঢ় মনৰ এই কিশোৰীগৰাকীয়ে নিজৰ একাগ্ৰতা আৰু গভীৰ তপস্যাৰ বলত মাত্ৰ ২ টা বছৰতে অনেক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। দেশক প্ৰতিনিধিত্ব কৰি গৌৰৱাম্বিত কৰিছে দেশবাসীক।
একাধিক প্ৰতিযোগিতাত সফলতা প্ৰাপ্তিৰ লগতে অভিজ্ঞতা আহৰণ কৰা শীতল দেৱীৰ এতিয়া লক্ষ্য অলিম্পিকত। ভৰিৰে তীৰ নিক্ষেপ কৰি দেশলৈ অলিম্পিক স্বৰ্ণ কঢ়িয়াই অনাৰ আশাৰে অনুশীলন অব্যাহত ৰখা শীতল দেৱীক যে এছিয়াৰ শ্ৰেষ্ঠ যুৱ ক্ৰীড়াবিদৰ সন্মানে অধিক মনোবল প্ৰদান কৰিব সেয়া নিশ্চিত।