/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/9e389257-c12b-494f-95fe-1cf0e6ef2b50/NAGALAND_MINISTER.jpg)
টেমজেন ইমনা আলং
ডিজিটেল ডেস্কঃ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' নেতৃত্বাধীন চৰকাৰৰ এগৰাকী যুৱ মন্ত্ৰী। নাম টেমজেন ইমনা আলং। আলং হৈছে ৰাজ্য চৰকাৰৰ পৰ্যটন আৰু উচ্চ শিক্ষা দপ্তৰৰ মন্ত্ৰী।
সাধাৰণতে তেওঁৰ ধেমেলীয়া স্বভাৱ সুলভ কৰ্ম-কাণ্ডৰ বাবে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত বেচ চৰ্চিত। ব্যস্ততাৰ মাজতো সময় উলিয়াই আজৰি সময়ত সামাজিক মাধ্যমৰ যোগেদি মন্ত্ৰীগৰাকীয়ে প্ৰায়েই খুহুতীয়া পোষ্ট শ্বেয়াৰ কৰে।
এনেবোৰ ধেমেলীয়া কথাৰ মাজতে নিজৰ মেদবহুল শৰীৰটোকলৈয়ো কেতিয়াবা হাঁহিৰ খোৰাক জগাব পৰা ভিডিঅ' অথবা ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলৰ মাজত ধেমালি কৰে। শেহতীয়াকৈ টেমজেন ইমনা আলঙে সামাজিক মাধ্যমত তেওঁৰ মেদবহুল শৰীৰটোৰ ওজন হ্ৰাস কৰাৰ প্ৰস্তুতি চলোৱা বুলি এক ফটো শ্বেয়াৰ কৰে।
তেওঁৰ টুইটাৰ একাউণ্টৰ যোগেদি এটি পিজ্জাক এখন চাইকেলৰ চকাৰে টুকুৰা কৰা ফটো শ্বেয়াৰ কৰি শিৰোনামাত লিখিছে যে "Always abide by what your doctor says..."। উক্ত ফটোখন পোষ্ট কৰাৰ লগে লগেই সামাজিক মাধ্যমত বিয়পি পৰাৰ উপৰি তেওঁৰ অনুৰাগীসকলে হাস্যৰসিক মন্তব্যৰে উপচাই দিয়ে।
Always abide by what your doctor says... pic.twitter.com/nefG0XrNvq
— Temjen Imna Along (@AlongImna) May 19, 2023
Also Read: ৪৭০ কোটি টকা ব্যয়েৰে আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ...