৪৭০ কোটি টকা ব্যয়েৰে আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ...

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে আধাৰশিলা স্থাপন কৰাৰ লগতে বি এছ এফৰ ৫টা উপকূলীয় চকী উদ্বোধন কৰে
৪৭০ কোটি টকা ব্যয়েৰে আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ...

ডিজিটেল ডেস্কঃ গুজৰাটত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শনিবাৰে গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উপকূলীয় আৰক্ষী একাডেমী (NACP)ৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে ৰাজ্যখনত উপস্থিত হয়।

গুজৰাটৰ ওখাস্থিত ৪৭০ কোটি টকা ব্যয়েৰে নিৰ্মিত ৰাষ্ট্ৰীয় উপকূলীয় আৰক্ষী একাডেমীৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে। উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে অহা গৃহমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপনৰ পূৰ্বে দ্বাৰকাৰ বিখ্যাত দ্বাৰকাধীশ মন্দিৰত প্ৰাৰ্থনা জনায়।

আনহাতে মন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কালত জগত গুৰু শংকৰাচাৰ্য স্বামী সদানন্দ সৰস্বতীৰো সাক্ষাৎ কৰে বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে আধাৰশিলা স্থাপন কৰাৰ লগতে বি এছ এফৰ ৫টা উপকূলীয় চকী উদ্বোধন কৰে।

৪৭০ কোটি টকা ব্যয়েৰে আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ...
নকল সোণ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ এজনৰ পাছত আনজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in