দিল্লী উচ্চ ন্যায়ালয়ৰ গোচৰৰ অন্তত ভাৰতীয় টেবল টেনিছ সন্থাৰ নতুন কমিটী নিৰ্বাচিত

দিল্লী উচ্চ ন্যায়ালয়ৰ গোচৰৰ অন্তত ভাৰতীয় টেবল টেনিছ সন্থাৰ নতুন কমিটী নিৰ্বাচিত

ডিজিটেল ডেস্কঃ ভাৰতীয় টেবল টেনিছ সন্থাৰ নতুন কমিটী নিৰ্বাচিত। দিল্লী উচ্চ ন্যায়ালয়ে মনিকা বাত্ৰা বনাম টেবল টেনিছ ফেডাৰেশ্যন অফ ইণ্ডিয়া সভাপতি আৰু অন্যান্য গোচৰৰ শুনানিৰ অন্তত নতুন কিমিটীক নিৰ্বাচিত কৰিছে।

সেই অনুসৰি সভাপতি হিচাপে নিৰ্বাচিত হৈছে মেঘনা আহলাৱাট আৰু সম্পাদক হিচাপে নিৰ্বাচিত হৈছে কমলেশ নবীনচন্দ্ৰ মেহতা। জ্যেষ্ঠ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে পদ্মজা এছ মেনন আৰু টি ডি যাদৱ।

উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে চেতন গুৰুং, চি গুনালন, পাছাং দৰ্জী মেগিজী, প্ৰমোদ কুমাৰ চৌধুৰী, পি বিশ্বনাথ ৰাও, পূৰ্বেশ বি জাৰিৱালা, ৰাজু দুগ্গাল আৰু ৰূপক দেৱৰয়।

মহিলাৰ সংৰক্ষিত উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে ৰিংকু আচাৰ্য। জ্যেষ্ঠ যুটীয়া সম্পাদক হৰিশ কুমাৰ কক্কৰ।

যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হৈছে বি বি চুব্বা, ৰাজীৱ ৰতন সিং, সমৰ জীত সিং আৰু সৌৰভ শুক্লা। মহিলাৰ সংৰক্ষিত যুটীয়া সম্পাদক অলকা শৰ্মা।

ট্ৰেজাৰাৰ হিচাপে নিৰ্বাচিত হৈছে পেটেল নগেন্দ্ৰ ৰেড্ডী। কাৰ্যকৰী কমিটীৰ ৪ জনীয়া সদস্য হিচাপে নিৰ্বাচিত হৈছে এ ভি বিদ্যাসাগৰ, এল সুন্দৰাভৰাভন, মৈৰাংঠেন বাপিন কুমাৰ আৰু প্ৰদীপ জৌসি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in