সতীৰ্থ আৰক্ষীৰ গুলীত প্ৰাণ গ'ল গকুলৰ...

আৰক্ষীৰ গুলীত আৰক্ষীৰ মৃত্যুৰ বতৰাই শোঁকৰ ছাঁ পেলাইছে নগাঁৱৰ চামগুৰিত । নিহত হোৱা গকুলৰ ঘৰ চামগুৰিৰ বৰদলত ।
গকুল
গকুল

ডিজিটেল সংবাদ,নগাঁও : আৰক্ষীৰ গুলীত আৰক্ষীৰ মৃত্যুৰ বতৰাই শোঁকৰ ছাঁ পেলাইছে নগাঁৱৰ চামগুৰিত ৷সোণাৰি সদৰ থানাত সংঘটিত এই ঘটনা। মঙলবাৰে পুৱা সদৰ থানাৰ বেৰেকত সতীৰ্থ দীপক কাকতীৰ গুলিত নিহত হয় গকুল বসুমতাৰীৰ৷ নিহত হোৱা গকুলৰ ঘৰ চামগুৰিৰ বৰদলত ।

দীপকে চাৰি জাই গুলী নিক্ষেপ কৰিছিল গকুললৈ ৷ তাৰে তিনিজাই গুলি লাগে গকুলৰ দেহত ৷ ৩৭ বছৰীয়া আৰক্ষী কনিষ্টবল গকুল বসুমতাৰীৰ মৃত্যুক লৈ শোঁকৰ ছাঁ পৰিছে চামগুৰিত ৷

উল্লেখ্য যে, এমাহ পূৰ্বে ঘৰলৈ আহিছিল গকুল ৷ গকুলৰ পত্নী অন্তঃসত্বা বুলি জানিব পৰা গৈছে ৷ নৱম অসম আৰক্ষী বাহিনীৰ জোৱান গকুল বসুমতাৰীৰ মৃত্যুৰ পিছত চামগুৰি বৰদলৰ ৰাইজে সমগ্ৰ ঘটনা সহজ ভাবে লব পৰা নাই ৷ অমায়িক যুবক হিচাপে পৰিচিত গকুল বসুমতাৰীৰ মৃত্যুৰ ঘটনাৰ পিছত অসুস্থ হৈ পৰিছে অন্তঃসত্বা পত্নী ৷

আৰু পঢ়ক: ৰৌংগুৰ বড়োক ইউপিপিএলৰ যুৱ শাখাৰ মুখপাত্ৰ হিচাপে নিযুক্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in