কেইবাটাও খাপৰ নেতৃত্বৰে কৃষকৰ মহাপঞ্চায়ত, কি দিশে গতি কৰিব মল্লযোদ্ধাৰ প্ৰতিবাদ?

বিজেপি সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি ২৩ এপ্ৰিলৰ পৰা মল্লযোদ্ধাসকলে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে ।

author-image
Asomiya Pratidin
New Update
কেইবাটাও খাপৰ নেতৃত্বৰে কৃষকৰ মহাপঞ্চায়ত, কি দিশে গতি কৰিব মল্লযোদ্ধাৰ প্ৰতিবাদ?

ডিজিটেল ডেস্কঃ দিল্লীত অব্যাহত আছে মল্লযোদ্ধাসকলৰ প্ৰতিবাদ। ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা বিজেপি সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি ২৩ এপ্ৰিলৰ পৰা মল্লযোদ্ধাসকলে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে ।

ইয়াৰ মাজতে বৃহস্পতিবাৰে এই সন্দৰ্ভত চৰ্চা কৰিবলৈ কৃষকসকলে মহাপঞ্চায়তৰ আয়োজন কৰিছে।  ভাৰতীয় কিষাণ ইউনিয়নে কৈছে যে, মল্লযোদ্ধাসকলৰ বিষয়টো আলোচনা কৰিবলৈ আজি উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত প্ৰতিটো খাপক লৈ এক বৈঠক অনুষ্ঠিত কৰা হ'ব।

ইউনিয়নৰ নেতা নৰেশ টিকৈতে কয় যে, মহাপঞ্চায়তত উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, ৰাজস্থান আৰু দিল্লীৰ বিভিন্ন খাপৰ প্ৰতিনিধি উপস্থিত থাকিব।এইজন নেতাই মঙলবাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল যেতিয়া মল্লযোদ্ধাসকলে মেডেল নদীত উটুৱাই দিয়াৰ সিদ্ধান্ত লৈছিল।

 এই নেতা গৰাকীৰ কথা মতেই খেলুৱৈ সকলে নদীত মেডেল দলিয়াই দিয়া নাছিল আৰু ৫ দিনৰ সময়সীমা বান্ধি দিছিল। গতিকে মহাপঞ্চায়তৰ পাছত কৃষকসকলে কি সিদ্ধান্ত লয় আৰু প্ৰতিবাদ কোন দিশে গতি কৰে সেয়া হ'ব লক্ষণীয়।

Also Read: অসমৰ ৩ খন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল...

delhi protest