/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1bf31c65-5522-4686-8a31-1494bdf6f9d4/AP_FOR_WEB_medical_clg.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে বাতিল কৰে ৪০ খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি। কেৱল ইমানেই নহয়, প্ৰায় ১৫০ খন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি কেন্দ্ৰীয় চৰকাৰে বাতিল কৰাৰ সম্ভাৱণা আছে। সূত্ৰ অনুসৰি জানিব পৰা মতে যিসকল চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে সেই সমূহত বহু আঁসোৱাহ পোৱা গৈছে।
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ইউজি বোৰ্ডে এই চিকিৎসা মহাবিদ্যালয়সমূহত অনুসন্ধানৰ সময়ত ত্ৰুটি ধৰা পেলাইছিল। তাৰ পাছতে স্বীকৃতি বাতিলৰ সিদ্ধান্ত লৈছিল। ৩০ মে'ত প্ৰকাশ পাইছিল এই তথ্য।
এতিয়ালৈকে যি সকল চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে সেইসমূহ গুজৰাট, অসম, পণ্ডুচেৰী, তামিলনাডু,পঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ, ত্ৰিপুৰা আৰু পশ্চিম বংগত আছে।
অসমৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে। অৱশ্যে যি সমূহ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে তেওঁলোকৰ হাতত আৱেদন কৰাৰ বিকল্প আছে। আগন্তুক ৩০ দিনৰ ভিতৰত তেওঁলোকে আৱেদন জনাব পাৰিব। তেওঁলোকে এই আৱেদন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় চিকিৎসা আয়োগক কৰিব পাৰিব।
Also Read: চাকৰি ঘূৰাই দিয়াৰ দাবী তুলি ASTC ৰ কৰ্মচাৰীৰ প্ৰতিবাদ