প্ৰকৃত মূল্যতকৈ ৪০০ শতাংশ অধিক এম আৰ পি লিখি একাংশ নাৰ্চিং হোমৰ লুণ্ঠনৰাজ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বৃদ্ধি পাইছে ঔষধৰ মূল্য়। মূল্যবৃদ্ধিৰে জৰ্জৰিত জনতাক অধিক সংকটৰ গৰাহলৈ ঠেলি দি জীৱনদায়িনী ঔষধৰ বজাৰত চলিছে অসাধু চক্ৰৰ মুনাফা লাভৰ অংক।

জীৱনদায়িনী ঔষধৰ 'মেক্সিমাম ৰিটেইল প্রাইচ' অৰ্থাৎ এম আৰ পিৰ নামত চলিছে ব্যাপক লুণ্ঠন। নিজৰ নিজৰ কোম্পানীৰ ঔষধ বিক্ৰীৰ বাবে খুচুৰা আৰু পাইকাৰী বিক্ৰেতাক আকৰ্ষিত কৰিবলৈ প্রয়োজনতকৈ অধিক এম আৰ পি লিখি সাধাৰণ গ্ৰাহকক মাধমাৰ শোধাই আহিছে বৃহৎ বৃহৎ ঔষধ প্রস্তুতকাৰী প্ৰতিষ্ঠানসমূহে।

সর্বসাধাৰণ ৰাইজক অন্ধকাৰত ৰাখি চলিছে বৃহৎ ঔষধ প্রস্তুতকাৰী প্রতিষ্ঠান আৰু নাৰ্ছিংহোমৰ ব্যাপক লুণ্ঠন। বিশেষকৈ কৰ্কট, যকৃত, হৃদৰোগ আদি ৰোগৰ দামী ঔষধৰ ক্ষেত্ৰত অৱলম্বন কৰিছে এনে পন্থা।

উদাহৰণ স্বৰূপে কৰ্কট ৰোগৰ ৬৫০ টকীয়া ঔষধৰ পেকেটত ২,২৯৭ টকা অথবা যকৃত ৰোগৰ ৫০০ টকীয়া ঔষধৰ পেকেটত ৩,০০০ টকাপর্যন্ত এম আৰ পি লিখি বজাৰত মুকলি কৰি দিছে একাংশই।

প্রকৃত মূল্যতকৈ অধিক এম আৰ পি লিখা থাকিলেও খুচুৰা বিক্রেতাসকলে ঔষধত লিখা এম আৰ পিতকৈ কম মূল্যতে গ্রাহকসকলক বিভিন্ন প্ৰকাৰৰ ঔষধ বিক্ৰী কৰে। যাক লৈ গ্ৰাহকসকল সন্তুষ্ট হয় কিন্তু ইয়াত থাকে একাংশৰ লুণ্ঠনাৰজ। ইয়াৰোপৰি নাৰ্চিংহোম সমূহে অধিক দামতে বিক্ৰী কৰে এই ঔষধ। যাৰ বাবে অত্যাধিক লাভান্বিত হৈছে নাৰ্ছিং হোমসমূহ।

একাংশ নাৰ্চিং হোমে ৬০০ টকাত টেমকাড ২০ ক্ৰয় কৰি ২,২৯৭ টকাত বিক্ৰী কৰি কৰি আছে।৪০০০ টকাৰ ঔষধ বিক্ৰী কৰি আছে ৮০০০ টকাতকৈ অধিক দামত। ৪০০ শতাংশ অধিক মুনাফা লাভ কৰি থকা এই নাৰ্চিং হোম সমূহক চৰকাৰে নিয়ন্ত্ৰণ কৰিবনে নাই সেয়াহে গুৰুত্বপূৰ্ণ।

প্ৰতীকি ফটো
কৰিমগঞ্জত ড্ৰাগছসহ আটক এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in